ETV Bharat / state

ইটা ভাটাৰ মালিকৰ দ্বাৰা কুৰুৱাবাহী সত্ৰৰ ভূমি দখলৰ ষড়যন্ত্ৰ - জিঅ' বেগ সংস্থাপন আঁচনি

ঐতিহাসিক কুৰুৱাবাহী সত্ৰৰ ভূমিৰ ওপৰত চকু বিহৰা আৰু নুমলীগড়স্থিত ইটা ভাটাসমূহৰ মালিক পক্ষৰ । দৈনিক শতাধিকবাৰ মাটি কঢ়িওৱা ডাম্পাৰ চলে কোটি টকীয়া জিঅ' বেগ সংস্থাপন আঁচনিখনৰ ওপৰেৰে । বোকাখাত মহকুমা ৰাজহ বিষয়াই ধূলিস্যাত কৰিলে ইটা ভাটাসমূহৰ মালিক পক্ষৰ ষড়যন্ত্ৰ । চকু মুদা কুলিৰ ভাওত বোকাখাত জলসম্পদ বিভাগ ।

Threat to Jio bag installation scheme in Bokakhat
কুৰুৱাবাহী সত্ৰৰ ভূমি দখলৰ ষড়যন্ত্ৰ
author img

By

Published : Jan 28, 2022, 8:34 PM IST

বোকাখাত, 28 জানুৱাৰী : বোকাখাতৰ ঐতিহাসিক কুৰুৱাবাহী সত্ৰৰ ভূমি সংৰক্ষণ আৰু ধনশিৰি নদীৰ গৰাখহনীয়া প্ৰতিৰোধী ‘জিঅ' বেগ সংস্থাপন আঁচনি'ৰ প্ৰতি বৃহৎ ভাবুকি কঢ়িয়াই আনিছে একাংশ অসাধু চক্ৰই । জিঅ' বেগ সংস্থাপন আঁচনিৰ ওপৰেৰে দৈনিক ইটা ভাটালৈ মাটি কঢ়িয়াই আহিছে একাংশ অসাধু চক্ৰই । কিন্তু এই অসাধু চক্ৰৰ ষড়যন্ত্ৰ অৱশেষত বন্ধ কৰিলে বোকাখাত মহকুমা ৰাজহ চক্ৰ বিষয়াই ।

ইটা ভাটাৰ মালিকৰ দ্বাৰা কুৰুৱাবাহী সত্ৰৰ ভূমি দখলৰ ষড়যন্ত্ৰ

উল্লেখ্য যে, ধনশিৰি নদীৰ খহনীয়াই প্ৰৱল ভাবুকি কঢ়িয়াই আনিছে ঐতিহাসিক কুৰুৱাবাহী সত্ৰলৈ । ঐতিহাসিক সত্ৰৰ ভূমিৰ ওপৰত চকু বিহৰা আৰু নুমলীগড়স্থিত ইটা ভাটাসমূহৰ মালিক পক্ষৰ । ঐতিহাসিক সত্ৰখনৰ 'সত্ৰ পথাৰ'ত স্থানীয় ইটা ভেটাৰ মালিক পক্ষই অবৈধভাৱে চলাই আহিছে মাটি খনন । যাৰ বাবে দৈনিক শতাধিকবাৰ মাটি কঢ়িওৱা ডাম্পাৰ চলে এই আঁচনিখনৰ ওপৰেৰে ।

এনে পৰিস্থিতিত খহনীয়া প্ৰতিৰোধী আঁচনিখন নদীত বিলীন হৈ যোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজ আৰু দল-সংগঠনে । স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বোকাখাত মহকুমা ৰাজহ চক্ৰ বিষয়াই বিভাগীয় লাটমণ্ডল আৰু গাঁওবুঢ়াক ঘটনাস্থলীলৈ প্ৰেৰণ কৰি বন্ধ কৰিবলৈ বাধ্য কৰে অবৈধ মাটি খনন আৰু ডাম্পাৰৰ চলাচল । কিন্ত লক্ষণীয় কথাটো হৈছে কোটি টকীয়া জিঅ' বেগ সংস্থাপন আঁচনিখনৰ ওচৰত চলা মাটি ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম দেখিও নেদেখাৰ ভাও জুৰি আছিল বোকাখাতৰ জলসম্পদ বিভাগ ।

লগতে পঢ়ক : মুকলিকৈ ড্ৰাগছৰ বেহা; অসম-নাগালেণ্ড সীমান্তৰ ড্ৰাগছৰ ঘাটিৰ Exclusive দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.