গোলাঘাট, 14 মাৰ্চ: গোলাঘাটৰ এখন ঘৰত গৃহস্থৰ দৰেই আধিপত্য বিস্তাৰ কৰিলে চোৰে ৷ যেতিয়াই মন যায় তেতিয়াই বিনাদ্বিধাই ঘৰখনত প্ৰৱেশ কৰি এটি-দুটিকৈ পচন্দৰ সম্পদ নিজৰ কৰি ল’লে চোৰে ৷ স্বাধীন মনৰ চোৰে দুটা মাহৰ ভিতৰত প্ৰায় তলি উদং কৰি পেলালে ঘৰখনৰ (Thief in Golaghat)৷
বিশেষ কাৰণত ঘৰখনত তলা ওলমাই গুৱাহাটীত থকা পুত্ৰৰ কাষলৈ গৈছিল গোলাঘাটৰ মৰঙি তেলিয়া গাঁৱৰ অঞ্জলী দেৱী ৷ গৃহস্থবিহীন ঘৰখনত চকু পৰিল সুযোগ সন্ধানী চোৰৰ ৷ তাতে এক দীঘলীয়া সময়ৰ বাবে খালী হৈ পৰা ঘৰখন যেন চোৰৰ বাবে হৈ পৰিল আলাউদ্দিনৰ চাকি ৷ সময় অপব্যয় নকৰি স্বাধীনচিতীয়াভাৱে চোৰে ঘৰখনত আৰম্ভ কৰিলে অভিযান ৷
জানুৱাৰী মাহৰ 20 তাৰিখে মহানগৰীলৈ যোৱা অঞ্জলি দেৱী দেওবাৰে ঘৰখনত উপস্থিত হোৱাৰ পিছতে যেন সৰগ ভাগি পৰিল মূৰত ৷ চোৰে অপ্ৰয়োজনীয় বুলি ভবা দুই-এপদ সম্পদৰ বাহিৰে একোৱেই থৈ নগ’ল ঘৰখনত ৷ সোনৰ গহনা, ভঁৰালৰ ধান, চাউল, কাঁহৰ কাঁহি বাতি, টি ভি, মিউজিক চিষ্টেম, পানীতোলা মটৰ আদি সকলো ইতিমধ্য হৈ পৰিল চোৰৰ অধীন ৷ মালিকলৈ বুলি ঘৰখনত থকা মটৰ চাইকেলখন আৰু মৌলিক প্ৰয়োজনীয় বস্ত্ৰ দুপদমান থৈ গ’ল দুমাহৰ বাবে ঘৰখনত বেদখল কৰা চোৰে ৷
গোটেই কথাবোৰ নুমলীগড় আৰক্ষীক ইতিমধ্য জনাইছে চোৰে তলি উদং কৰা ঘৰখনৰ মালিকে ৷ আৰক্ষীয়েও প্ৰাথমিকভাৱে কৰণীয়খিনি আগবঢ়াইছে ৷ হেঁপাহ পলুৱাই চুৰি কৰা চোৰক আৰক্ষীয়ে কেতিয়া বন্দী কৰিব তালৈকে এতিয়া চকু দি আছে স্থানীয় লোকে ৷