গোলাঘাট, 29 জুনঃ গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত মূল বজাৰত দেওবাৰে নিশা সংঘটিত হয় চুৰিৰ ঘটনা ৷ ৰাজু খাৰবান্দা নামৰ লোকগৰাকীৰ প্ৰসাধন সামগ্ৰীৰ বিপনীত সংঘটিত হয় এই চুৰিৰ ঘটনা ৷
ভুক্তভোগী লোকগৰাকীয়ে জানিবলৈ দিয়া মতে, ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি থকা দুদিনীয়া সাপ্তাহিক লক ডাউনৰ সুযোগ লৈ এই চুৰিৰ ঘটনা সংঘটিত কৰে ৷ সোমবাৰে দোকান খুলিবলৈ খুলিবলৈ আহি দোকানখনৰ কৰ্মচাৰীয়ে সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে ৷ দোকানখনৰ ছাটাৰ ভাঙি প্ৰবেশ কৰা চোৰে প্ৰায় 50 হাজাৰ টকাৰ সামগ্ৰী দোকানখনৰ পৰা চোৰে লুটি নিয়ে বুলি জানিবলৈ দিছে দোকানখনৰ স্বত্বাধিকাৰী গৰাকীয়ে ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷