গোলাঘাট,12 আগষ্ট: গোলাঘাটত ক্ৰমাৎ বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা ৷ নগৰখনৰ মাজমজিয়াত মঙলবাৰে নিশা সংঘটিত হৈছে এক চুৰিকাণ্ড । ঘটনাৰ বিৱৰণী অনুসৰি, গোলাঘাট নগৰৰ চুকাফা ক্ষেত্ৰৰ সমীপৰ দুখন বিপণীৰ পৰা চোৰে চুৰি কৰে প্ৰায় লক্ষাধিক মূল্যৰ সামগ্ৰীৰ লগতে নগদ ধন ।
বিজয় কুমাৰ সিং আৰু দীনেশ জয়ছোৱাল নামৰ ব্যক্তি দুগৰাকীৰ ফল-মূলৰ বিপণীৰ তলা ভাঙি চোৰে চলাই যায় চাফাই অভিযান । উল্লেখ্য যে,পূৰ্বেও একেটা অঞ্চলৰ প্ৰায় পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিৰ ঘটনা সংঘটিত হৈছিল । নগৰখনৰ মাজমজিয়াতে এনেদৰে চোৰে অভিযান চলাই যোৱাৰ পিছতো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই এই কাণ্ডত জড়িত কোনো লোকক ৷ প্ৰায়ে সংঘটিত এই চুৰি কাৰ্যই আৰক্ষীৰ লগতে নিৰাপত্তাৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে ৷
লগতে চাওকঃ বনৰীয়া ঘোঁৰাৰ আক্ৰমণত ছাত্ৰী আহত