ETV Bharat / state

স্বাৱলম্বী হোৱাৰ আন্দোলনৰে আদৰ্শৰ বাট দেখুৱাইছে গোলাঘাটৰ প্ৰবীন দাসে

কেৱল ৰাজপথৰ আন্দোলনৰ মাজতে নহয় কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ আন্দোলনত নামিছে এজন লোকে ৷ কাঠফুলা, চাহ খেতি, কুকুৰা পালনৰে স্বাৱলম্বীতাৰ পথ সুগম কৰি লোকজনে আন বহুতক আদৰ্শৰ বাট দেখুৱাইছে ৷

author img

By

Published : Sep 27, 2020, 5:12 PM IST

The Story Of Youths Inspiration Prabin Das From Assam Golaghat
স্বাৱলম্বী হোৱাৰ আন্দোলনৰে আদৰ্শৰ বাট দেখুৱাইছে গোলাঘাটৰ প্ৰবীন দাসে

গোলাঘাট, 27 ছেপ্তেম্বৰ : কেৱল ৰাজপথতে নহয় স্বাৱলম্বী হোৱাৰ আন্দোলনৰ জৰিয়তে নিজৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হৈছে অসমৰ এগৰাকী লোকে ৷ বিভিন্ন সময়ত উদাত্ত প্ৰতিবাদী কন্ঠৰে দেশ আৰু স্বজাতিৰ স্বাৰ্থত মাত-মাতি অহা লোকজনে লক ডাউনৰ সময়ত আৰম্ভ কৰিছে আন এক বিপ্লৱ ৷ কাঠফুলা, চাহ খেতি, কুকুৰা পালনৰে স্বাৱলম্বীতাৰ পথ সুগম কৰি যুৱকজনে দেখুৱাইছে আন বহুতক আদৰ্শ ৷

হয় আমি কবলৈ ওলাইছে মদ মুক্ত দাবী সমিতি অসমৰ সভাপতি তথা গোলাঘাট জিলাৰ হাতীয়েখোৱাৰ প্ৰবীন দাসৰ কথা ৷ বিভিন্ন সময়ত সংগ্ৰামী লোকজনে চৰকাৰ তথা শোষণ যন্ত্ৰৰ বিৰুদ্ধে মাত মাতি অহাৰ লগতে অসমক মদ মুক্ত কৰিবলৈ বিভিন্ন মাধ্যমৰ জৰিয়তে দাবী উত্থাপন কৰি আহিছে ৷ আনকি, লোকজনে CAA আন্দোলনৰ সময়তো সক্ৰিয় ভূমিকা গ্ৰহণ কৰি ৰাজপথত আন্দোলন কৰা পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক : ভেল্লাত হস্তনিৰ্মিত পিষ্টলসহ তিনিটা ডকাইত গ্ৰেপ্তাৰ

কিন্তু হঠাৎ মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা লক্ ডাউনৰ সময়ত লোকজনে নিজ ঘৰতে আৰম্ভ কৰিছে আন এক বিপ্লৱ ৷ কাঠফুলা, চাহ খেতি আৰু কুকুৰা পালনৰে স্বাৱলম্বিতাৰ পথ সুগম কৰি তুলিবলৈ সক্ষম হৈছে লোকজনে ৷ অকল এয়াই নহয় প্ৰবীন দাসে বিষ্ণুজ্যোতি বিদ্যাপীঠ নামৰ এখন বিদ্যালয়ৰ জৰিয়তে মানৱ সম্পদ গঢ়াৰ বাবেও আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে ৷

কেৱল সংগঠনৰ জৰিয়তে ৰাজপথৰ আন্দোলনৰ মাজতে সীমাবদ্ধ হৈ নাথাকি থলুৱাৰ হাতত কৃষি আৰু বজাৰ ধৰি ৰখাৰ বাবে লোকজনে কৰা আন্দোলন আন বহুতো নেতা তথা নিবনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে ৷

লগতে পঢ়ক : বিশ্ব পৰ্যটন দিৱস উপলক্ষে ওড়িশাৰ সমুদ্ৰতীৰত নান্দনিক বলুকাশিল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.