ETV Bharat / state

গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ডঃ 27 বছৰীয়া এজন যুৱকৰ মৃত্যু

author img

By

Published : Oct 27, 2020, 11:54 AM IST

সোমবাৰে নিশা দেৰগাঁৱৰ গড়মৰাত দুৰ্বত্তৰ আক্ৰমণত মৃত্যুক সাৱটি ল'ব লগা হয় অনিল শইকীয়া নামৰ এজন 27 বছৰীয়া যুৱকে ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা অনিল শইকীয়াক নিশাই অতি সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা হৈছিল যদিও ৰাজপথতে মৃত্যু হয় যুৱকজনৰ ৷

The horrific massacre at Golaghat
গোলাঘাটত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড

গোলাঘাট,27 অক্টোবৰঃ দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে গোলাঘাটৰ দেৰগাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ সোমবাৰে নিশা দেৰগাঁৱৰ গড়মৰাত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ অৱশেষত মৃত্যুক সাৱটি ল'ব লগা হয় অনিল শইকীয়া নামৰ এজন 27 বছৰীয়া যুৱকে ৷

The horrific massacre at Golaghat
গোলাঘাটত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড

দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা অনিল শইকীয়াক নিশাই অতি সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা হৈছিল যদিও ৰাজপথতে মৃত্যু হয় যুৱকজনৰ ৷

গোলাঘাটত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড

সমগ্ৰ শৰীৰতে চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট যুৱকজনক কোনে, কিয় হত্যা কৰিলে সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে সমগ্ৰ ঘটনাক লৈ এতিয়াও অঞ্চলজুৰি অব্যাহত আছে চাঞ্চল্য৷

লগতে পঢ়কঃ আৰ্মি কামাণ্ডাৰ কনফাৰেন্স সম্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.