গোলাঘাট, 8 জুলাই : ৰাজ্যজুৰি অব্যাহত থকা ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে বোকাখাতত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ পোহনীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এটি 14 বছৰীয়া কিশোৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে বোকাখাতত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ ক'ভিড প্ৰটকল ভংগ কৰি শ-শ বাগিছাৰ শ্ৰমিকে ঘেৰাও কৰিলে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ বাসগৃহ ৷
উল্লেখ্য যে, বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ এজনী পোহনীয়া মাইকী হাতীৰ আক্ৰমণত বৰ্তমানলৈকে মৃত্যু হৈছে তিনি গৰাকীকৈ লোকৰ ৷ বৃহস্পতিবাৰে হাতীজনীৰ আক্ৰমণত নিহত হোৱা কিশোৰ জনৰ নাম বিতু গড় ৷ নাহৰজান চাহ বাগিচাৰ গাজিলাল গড় আৰু কুন্তী গড়ৰ একমাত্ৰ পুত্ৰ বিতু গড়ৰ মৃত্যুক কেন্দ্ৰকৰি নাহৰজান চাহ বাগিছাৰ শ্ৰমিকে ঘেৰাও কৰে জিতেন গগৈৰ বাসগৃহ । বিতু গড়ৰ মৃতদেহ লগত লৈ জিতেন গগৈৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক ৰাইজে ৷
স্থানীয় ৰাইজৰ লগতে আদিবাসী ছাত্ৰ সংগঠন আটছাৰ একাংশ সদস্য ঘটনাস্থলীত উপস্থিত হৈ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে ৷ শীঘ্ৰে বিধায়ক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিছে আটছাৰ সদস্য সকলে ৷ অৱশেষত পৰিস্থিতি উত্তপ্ত হোৱাৰ খবৰ পাই বোকাখাত আৰক্ষী আৰু বোকাখাতৰ মহকুমাধিপতি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ লগতে আৰক্ষীয়ে বিতু গড়ৰ মৃতদেহ জিতেন গগৈৰ বাসগৃহৰ সমুখৰ পৰা উঠাই আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
উল্লেখ্য যে, প্ৰাক্তন বিধায়ক গৰাকীৰ পোহনীয়া মাইকী হাতীজনীয়ে ইয়াৰ পূৰ্বেও আন দুজন লোকক হত্যা কৰিছিল যদিও আৰক্ষী প্ৰশাসনে তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ কেৱল ক্ষমতাৰ বলতেই বিধয়াক গৰাকী মুকলি আকাশৰ তলত নিচিন্ত মনে ঘূৰি থকাৰ অভিযোগ ৰাইজৰ ৷ এইবাৰো যাতে অনুৰূপ ঘটনা সংঘটিত নহয় তাৰ বাবে দাবী জনাইছে ৰাইজে ৷
লগতে পঢ়কঃ Encounter : আৰক্ষীৰ পিস্তল কাঢ়ি লোৱা অপৰাধীক গুলীয়ালে আৰক্ষীয়ে