ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ধনশিৰিৰ শিক্ষকৰ ৫০ হাজাৰ টকাৰ বৰঙণি - অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ কুমাৰ শৰ্মা

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৫০ হাজাৰ টকাৰ অনুদান বৰপথাৰ মৌজাৰ অন্তৰ্গত গেলাবিলৰ বাসিন্দা তথা গেলাবিল জি বি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ কুমাৰ শৰ্মাৰ ।

CM FUND DONATION
মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ধনশিৰিৰ শিক্ষকৰ ৫০ হাজাৰ টকাৰ বৰঙণি
author img

By

Published : May 29, 2021, 2:51 PM IST

সৰুপথাৰ, ২৯ মে': মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৫০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছে এগৰাকী শিক্ষকে । ধনশিৰি মহকুমাৰ সৰুপথাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে নিজৰ পেঞ্চনৰ এটা অংশ আগবঢ়ালে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ।

বৰপথাৰ মৌজাৰ অন্তৰ্গত গেলাবিলৰ বাসিন্দা তথা গেলাবিল জি বি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ কুমাৰ শৰ্মাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ নিজৰ পেঞ্চনৰ এক অংশ অৰ্থাৎ ৫০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছে । বৰপথাৰৰ পৌৰ সভাৰ কাৰ্যালয়ত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ হাতত চেকযোগে প্ৰদান কৰে এই ধনৰাশি । উল্লেখ্য যে, দিলীপ কুমাৰ শৰ্মাই ইয়াৰ পূৰ্বেও বহু অনুষ্ঠান, প্ৰতিষ্ঠানলৈ বৰঙণি আগবঢ়াই আহিছে ।

উল্লেখনীয় যে, অসমত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা কৰ'ণা সংক্ৰমণৰ মাজতে অসমৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ ৰাইজক মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধি আৰু সাহাৰ্য পুঁজিলৈ দান বৰঙণিৰ বাবে আহ্বান জনাইছিল । সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন জনে দান-বৰঙনি আগবঢ়াই আহিছে ।

লগতে পঢ়ক: সাময়িক ভাৱে স্থগিত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.