ETV Bharat / state

প্ৰাপ্যৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল চাহ শ্ৰমিক - অসমৰ চাহ শ্ৰমিকৰ মজুৰি

গোলাঘাটৰ ফৰকাটিং চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ন্যায্য প্ৰাপ্তিৰ দাবীত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, চাহ মজদুৰ সংঘ উত্তাল প্ৰতিবাদ ৷ শ্ৰমিকসকলৰ দাবীসমুহ মানি নল'লে অনাগত সময়ত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব বুলি সংগঠনৰ নেতাই মন্তব্য কৰে ৷

ETV BHARAT
ন্যায্য প্ৰাপ্তিৰ দাবীত গোলাঘাটত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
author img

By

Published : May 22, 2020, 1:27 PM IST

গোলাঘাট,22 মেঃ গোলাঘাটৰ ফৰকাটিং চাহ বাগিচাত চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ মজদুৰ সংঘই প্ৰতিবাদ সাব্যস্ত কৰে ৷

গোলাঘাটৰ ফৰকাটিং চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ মজদুৰ সংঘই । চৰকাৰৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা বুলি প্ৰতিবাদকাৰী নেতাসকলে সাংবাদিকৰ আগত সদৰি কৰিছে ।

ন্যায্য প্ৰাপ্তিৰ দাবীত গোলাঘাটত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

শ্ৰমিকৰ দৈনিক কাম কৰা সময় সীমা 8 ঘন্টাৰ পৰিৱৰ্তে 12 ঘন্টালৈ বৃদ্ধি কৰাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে চাহ শ্ৰমিকসকল । নতুন কৈ শ্ৰমিক আইনৰ জৰিয়তে দৈনিক কামৰ সময় সীমা বৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে ।

লক ডাউনৰ সময়ছোৱাত চাহ শ্ৰমিকসকল প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হোৱাত ক্ষুব্ধ হৈ পৰে ৷ অতি শীঘ্ৰে শ্ৰমিকসকলৰ মজুৰি প্ৰদান কৰাৰ দাবী জনায় বিভাগীয় কৰ্তৃপক্ষক । ইয়াৰ উপৰিও চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবী তোলে প্ৰতিবাদকাৰীয়ে । যদিহে চৰকাৰে তথা চাহ বাগান কৰ্তৃপক্ষই শ্ৰমিক সকলৰ দাবীসমুহ মানি নলয় অনাগত সময়ত চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ তথা উপযুক্ত প্ৰত্যুত্তৰ দিব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী নেতা সকলে ৷

লগতে পঢ়ক-অখিল গগৈৰ মুক্তিৰ দাবীত মৰাণৰ এগৰাকী আইতাৰ কবিতাৰে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.