গোলাঘাট, 7 জুলাই : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাক সেউজীকৰণ কৰাৰ লক্ষ্যৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই ৰূপায়ন কৰিছে সেউজীকৰণ প্ৰকল্প ৷ "গছ থাকিলেহে মানুহ থাকিব" এই নীতি সাৰোগত কৰি প্ৰতিঘৰ পৰিয়ালক কমেও এজোপাকৈ গছপুলি বিতৰণ কৰি "সেউজীকৰণ প্ৰকল্প" নামেৰে মঙলবাৰে এক কাৰ্যসূচীৰ আৰম্ভ কৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই ৷ আম, কঁঠাল, জামু, জলফাই, শিলিখা, ডালিম, নিম আদি বিভিন্ন প্ৰজাতিৰ গছপুলি বিতৰণ কৰে ছাত্ৰ সন্থাই ৷
গোলাঘাট জিলাৰ সৰুপথাৰ হনুমান মন্দিৰ প্ৰাঙ্গণত এখন সভাৰ আয়োজন কৰি ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সাতখন আঞ্চলিকৰ সভাপতি সম্পাদকক এশ জোপাকৈ গছপুলি বিতৰণ কৰে মহকুমা ছাত্ৰ সন্থাই ৷ ছাত্ৰ সন্থাৰ প্ৰতিটো আঞ্চলিকৰ সদস্যই নিজ নিজ অঞ্চলৰ প্ৰতিঘৰ পৰিয়ালৰ ঘৰত উপস্থিত হৈ এজোপাকৈ গছপুলি বিতৰণ কৰিব ৷
মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুভাষ শইকীয়াই আঁতধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দিল্লী বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰ সন্থাৰ সভাপতি সুভ্ৰজ্যোতি দুৱৰা ৷ ইয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন, ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ উপদেষ্টা দ্বীপেন কুমাৰ বৰা, ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মাখমুদ আলী উপস্থিত থাকে অনুষ্ঠানটোত ৷
লগতে পঢ়ক: নিয়ন্ত্ৰণ ৰেখাত নিশা বায়ু সেনাৰ অভিযান