ETV Bharat / state

বোকাখাতত দুৰ্বৃত্তৰ আক্ৰমণত আহত টেংকাৰ চালক

বোকাখাতত নিশা টেংকাৰ চালকক দুৰ্বৃত্তৰ আক্ৰমণ ৷ আক্ৰমণত গুৰুত্বৰভাৱে আহত চালকগৰাকী (Tanker driver injured in miscreant attack at Bokakhat) ৷ সুৰাৰ বটল আৰু লো জাতীয় সামগ্ৰীৰে চালকজনক আক্ৰমণৰ সন্দেহ আৰক্ষীৰ ৷

tanker-driver-injured-in-miscreant-attack-at-bokakhat
বোকাখাতত দুৰ্বৃত্তৰ আক্ৰমণত আহত টেংকাৰ চালক
author img

By

Published : May 1, 2022, 1:43 PM IST

বোকাখাত, 1 মে : শনিবাৰে নিশা বোকাখাতৰ অসম অইল পেট্ৰল পাম্পৰ সমীপত এজন টেংকাৰ চালকক হঠাৎ দুৰ্বৃত্তই কৰা আক্ৰমণত গুৰুতৰভাৱে আহত হয় (Tanker driver injured in miscreant attack at Bokakhat)৷ গুৰুতৰভাৱে আহত টেংকাৰ চালকজন সঞ্জীৱ সিনহা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, AS 01 DC 4313 নম্বৰৰ টেংকাৰখনৰ পৰা তেল খালী কৰি পেট্ৰল পাম্পৰ সমীপত ৰখাই কাষতে থকা ভাড়া ঘৰলৈ যাবলৈ ওলোৱাত চালকৰ আসনত বহি থকা অৱস্থাতে অজ্ঞাত দুৰ্বৃত্তই আক্ৰমণ কৰে চালক সঞ্জীৱ সিনহাক ৷ সুৰাৰ বটল আৰু লো জাতীয় সামগ্ৰীৰে আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে ৷

ইফালে, গুৰুতৰভাৱে আহত সঞ্জীৱ সিনহাক বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হয় ৷ আনহাতে, অজ্ঞাত দুৰ্বৃত্তৰ কৰায়ত্ব কৰিবৰ বাবে বোকাখাত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে ঘটনাৰ সৈতে জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.