গোলাঘাট,11মে': গোলাঘাটত তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতিৰ আবেদন বাতিল কৰাৰ বিৰোধিতাৰে শনিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ। তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মুখ্যদ্বাৰৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। শিক্ষা বিভাগ হুচিয়াৰ, ছাত্র ছাত্ৰীৰ জীৱনক লৈ হেতালী খেলিবলৈ দিয়া নহ'ব, বিজেপি চৰকাৰ মুৰ্দাবাদ,অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিবলৈ দিয়া নহ'ব আদি বিভিন্ন শ্লো'গানেৰে উত্তাল কৰি তোলে পৰিস্থিতি ৷
লগতে পঢ়ক: আছু আৰু এবছুৱে ক্ষমা খোজক অন্যথা অসমৰ পৰিস্থিতি ভয়াৱহ হ'বঃ নৱ শৰণীয়া
অতি শীঘ্ৰে যদি চৰকাৰে স্বীকৃতি গৃহীত নকৰে তেনেহ'লে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ সংগঠনটোৰ ৷