ETV Bharat / state

মঙলবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ দল হৰিণৰ গণনাৰ কাম - মানাহ ৰাষ্ট্ৰীয় উদ্যানত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে বিৰল প্ৰজাতি দল হৰিণৰ গণনা (Deer counting held at Kaziranga National Park) ৷ দল হৰিণ ভাৰতত পোৱা বাৰা শিঙা নামৰ হৰিণৰ উপ প্ৰজাতি ৷ যাক ইংৰাজীত Eastern swamp deer বুলি জনা যায় ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানত
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ দল হৰিণৰ গণনাৰ কাম
author img

By

Published : Jan 11, 2022, 10:38 PM IST

বোকাখাত, 11 জানুৱাৰী: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে বিৰল প্ৰজাতি দল হৰিণৰ গণনা (Swamp deer population census at Kaziranga National Park) ৷ দল হৰিণ ভাৰতত পোৱা বাৰা শিঙা নামৰ হৰিণৰ উপ প্ৰজাতি ৷ ব্ৰহ্মপুত্ৰ উপত্যকাত পোৱা বাৰাশিঙা হৰিণৰ উপ প্ৰজাতিক পূৰ্বাঞ্চলীয় দল হৰিণ বা ইংৰাজীত Eastern swamp deer বুলি কোৱা হয় ৷

পৃথিবীৰ ভিতৰত অকল ব্ৰহ্মপুত্ৰ উপত্যকাতহে পূৰ্বাঞ্চলীয় দল হৰিণ দেখিবলৈ পোৱা যায়৷ বিলুপ্ত প্ৰায় এই দল হৰিণ এটা সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছিল ৷ সম্প্ৰতি কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানতহে এই হৰিণৰ অৱশিষ্ট বাচি আছে গৈ ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দল হৰিণ বসতিৰ দুটা বন সংমণ্ডল ক্ৰমে পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল আৰু বিশ্বনাথ বন সংমণ্ডলত পূৰ্বাঞ্চলীয় দল হৰিণৰ গণনা কৰা হ’ব ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ২৪ গৰাকী গণনাকাৰী বিষয়াই পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলত আৰু ৭ গৰাকী গণনাকাৰীয়ে বিশ্বনাথ বন সংমণ্ডলত দল হৰিণৰ গণনা কৰিছে ৷ গণনাকাৰী বিষয়াৰ ভিতৰত বন্যপ্ৰাণী বিশেষজ্ঞ, বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি আৰু বনবিষয়া আছে ৷ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park) খনৰ ৫ টা বনাঞ্চলৰ ৪ টা বনাঞ্চলত ২৪ গণনাকাৰীয়ে বিভাগীয় হাতীত উঠি গণনাকাৰীয়ে দল হৰিণৰ গণনা কৰিছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ দল হৰিণৰ গণনাৰ কাম

ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খনত মঙলবাৰে পৰ্যটকৰ বাবে হাতী চাফাৰী বন্ধ আছে ৷ পুৱা 4 বজাৰ পৰা বনাঞ্চলত হাতীত উঠি দল হৰিণৰ গণনা আৰম্ভ হৈছে ৷ কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ নেতৃত্বত এটা উচ্চস্তৰীয় দলে এই গণনা কাৰ্য পৰ্যবেক্ষণ কৰিছে ৷

উল্লেখ্য যে, ২০০৭ চনৰ পৰা কাজিৰঙাত আৰম্ভ কৰা দল হৰিণ গণনাত ২০১৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১১৪৮ টা আৰু ২০১৮ চনত ৮৫১টা দল হৰিণ পোৱা গৈছিল ৷ একেদৰে বিশ্বনাথ বনসংমণ্ডলত প্ৰথম বাৰৰ বাবে কৰা গণনাত ২০১৮ চনত ৫৬ টা দল হৰিণ পোৱা গৈছিল ৷

লগতে পঢ়ক : Satra Land Enchrochment : গুৰুজনাৰ জন্মস্থানত উপস্থিত সত্ৰৰ বেদখলকৃত ভূমি জৰীপ সমিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.