গোলাঘাট, 10 জুলাই: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সীমান্তৰ A, B আৰু C ছেক্টৰৰ পৰিয়ালসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে প্ৰয়োজনীয় PRC, NCL আৰু Income Certificate দিয়াৰ দাবীত বুধবাৰে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত চুতীয়া ছাত্ৰ সন্থাই দিনৰ ১২ বজাৰ পৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈ শীঘ্ৰ সীমান্তবাসী ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা কেইটা সমাধানৰ বাবে দাবী উত্থাপন কৰি সমস্যা সমাধান নহলে গণতান্ত্ৰিক আন্দোলনৰ ভাবুকি প্ৰদান কৰে ৷ উল্লেখ্য যে,প্ৰথম অৱস্থাত সীমান্তবাসীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজনীয় নথি পত্ৰসমূহ মহকুমা প্ৰশাসনৰ পৰা দি আহিছিল যদিও বিগত কেইবামাহ ধৰি প্ৰশাসনৰ পৰা নথি পত্ৰ সমূহ বন্ধ কৰি থৈছে | যাৰ বাবে অন্য সমস্যাৰ লগতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সমস্যাৰ সৃষ্টি হৈছে ৷