ETV Bharat / state

এন আৰ চিক লৈ গুৰুত্বপূৰ্ণ বৈঠক গোৱালপাৰা আৰু কামৰূপ জিলা প্ৰশাসনৰ

author img

By

Published : Aug 27, 2019, 7:43 PM IST

Updated : Aug 27, 2019, 10:14 PM IST

এন আৰ চি প্ৰকাশৰ পিছত সৃষ্টি হ'ব পৰা যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু গোৱালপাৰা আৰু কামৰূপ জিলা প্ৰশাসন

Golaghat DC office Special Conference on NRC

গোলাঘাট, 27 আগষ্ট : গোলাঘাটত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী(এন আৰ চি)ৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰস্তুতি সম্পূৰ্ণ । ৩১ আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ বিভিন্ন দল সংগঠনৰ লগতে আৰক্ষী অধীক্ষক,সাংবাদিকৰ লগত এক বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত উপায়ুক্ত ধীৰেন হাজৰীকাই স্পষ্ট কৰে যে এন আৰ চি শুনানিক লৈ ৰাইজে শংকিত হোৱাৰ প্ৰয়োজন নাই। কোনো লোকৰ যদি এন আৰ চিত নাম নাহে তেনেহ'লে নাম অন্তৰ্ভুক্তিৰ বাবে ১২০ দিন সময় আৰু বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা নকৰা পৰ্যন্ত তেওঁলোকে সাধাৰণ নাগৰিকৰ সমানে সা-সুবিধা লাভ কৰি থকাৰ লগতে ডিটেনচন কেম্প যোৱাৰো কোনো প্ৰয়োজন নহ'ব ৷ লগতে এই ক্ষেত্ৰত (ন্যায়াধীকৰণ) সংশোধন আদেশ, ২০১৯ত প্ৰয়োজনীয় সংশোধন কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে উপায়ুক্ত ধীৰেন হাজৰীকাই ৷ সুৰক্ষা সন্দৰ্ভত উপায়ুক্ত গৰাকীয়ে কয় যে এন আৰ চি প্ৰকাশৰ পিছত সৃষ্টি হ'ব পৰা যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ প্ৰশাসন সাজু । আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলাখনত মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনী ৷

এন আৰ চিক লৈ গুৰুত্বপূৰ্ণ বৈঠক গোৱালপাৰা আৰু কামৰূপ জিলা প্ৰশাসনৰ

এন আৰ চি প্ৰকাশৰ পিছত যাতে জিলা খনত কোনোধৰণ অপ্ৰিতিকৰ পৰিস্থিতৰ সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে কামৰূপ জিলা প্ৰশাসনেও সম্বোধন কৰে এখন গুৰুত্বপূৰ্ণ সংবাদ মেল । বিভিন্ন দল সংগঠন,নাগৰিক সমিতিৰ প্ৰায় দুই শতাধিক প্ৰতিনিধি উপস্থিত থকা সভাখনত আলোচনা হয় এন আৰ চি সম্পৰ্কীয় কেতবোৰ গুৰুত্বপূৰ্ণ দিশ । এন আৰ চি প্ৰকাশৰ পাছত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহ'বৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত ল'ব কামৰূপ জিলা ছাত্ৰ সন্থাৰ লগতে জিলা খনৰ নাগৰিক সমিতি সমূহে। উল্লেখ যোগ্য যে এন আৰ চি কলৈ ছ'চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট লাইক নকৰিবলৈ সকীয়নি জিলা প্ৰশাসনৰ ৷ লগতে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে বুলিও উল্লেখ কৰে কামৰূপ জিলা আৰক্ষী প্ৰশাসনে।

এন আৰ চিক লৈ গুৰুত্বপূৰ্ণকামৰূপ জিলা প্ৰশাসনৰ বৈঠক

Intro:গোলাঘাটত NRC চুড়ান্ত তালিকা প্ৰকাশৰ প্ৰস্তুতি সম্পূৰ্ণ। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলনী কক্ষত বিশেষ বৈঠক। বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয় প্ৰশাসনৰ শীৰ্ষ বিষয়া। NRC প্ৰকাশৰ পিছত সৃষ্টি হব পৰা যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ প্ৰশাসন সাজু। আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসন সাজু বুলি জনালে জিলা উপায়ুক্ত ধীৰেন হাজৰীকাই। NRC ৰ পৰা নাম বাদ পৰিলেও চিন্তাৰ কাৰণ নাই। নাম অন্তৰ্ভুক্তিৰ বাবে পাব ১২০ দিন সময় জনালে উপায়ুক্তই।Body:৩১ আগষ্টত এন আৰ চি চূড়ান্ত তালিকাক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই। কোনো লোক দিতেঞ্চন কেম্পলৈ যাব নালাগে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰা দৰিদ্ৰসকললৈ জিলা আৰু আইন প্ৰাধিকাৰনৰ জৰিয়তে আইনী সাহায্য আগবঢ়াবলৈ ৰাজ্য চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। গোলাঘাটত এই কথা সদৰী কৰে গোলাঘাট জিলা উপায়ুক্ত ধীৰেন হাজৰিকাই। উল্লেখযোগ্য যে ৩১ আগষ্ট ২০১৯ তাৰিখে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ এন আৰ চি চূড়ান্ত তালিকা প্ৰতি লক্ষ্য ৰাখি মংগল বাৰে গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত জিলা খনৰ বিভিন্ন দল সংগঠনৰ লগতে আৰক্ষী অধীক্ষক, সাংবাদিকৰ লগত এক বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত স্পষ্ট কৰে যে এন আৰ চি শুনানিক লৈ ৰাইজ শংকিত হোৱাৰ প্ৰয়োজন নাই। ৰাজ্যৰ লগতে গোলাঘাটতো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। কোনো লোকৰ যদি উক্ত এন আৰ চিত নাম নাহে তেনেহলে ১২০ দিন সময়সীমা বঢ়াই দিয়া হৈছে আৰু এই ক্ষেত্ৰত (ন্যায়াধিকৰন) সংশোধন আদেশ,২০১৯ ত প্ৰয়োজনীয় সংশোধন কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।Conclusion:BYTE1 -DC(GOLAGHAT)
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Last Updated : Aug 27, 2019, 10:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.