ETV Bharat / state

টেঙানীত বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ

author img

By

Published : Nov 24, 2021, 8:07 PM IST

সৰুপথাৰৰ টেঙানীত উদ্ধাৰ হৈছে এটি বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ (slow loris rescued at Tengani ) ৷ বিপুল শইকীয়া নামৰ এজন ব্যক্তিয়ে উদ্ধাৰ কৰে দুষ্প্ৰাপ্য লাজুকী বান্দৰটো ৷

slow-loris-rescued-at-tengani-of-golaghat-district
টেঙানীত উদ্ধাৰ বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ

সৰুপথাৰ, 24 নৱেম্বৰ : গোলাঘাট জিলাৰ সৰুপথাৰৰ টেঙানীত হৈছে এটি বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ (slow loris rescued) ৷ সোমবাৰে নিশা টেঙানীৰ বিপুল শইকীয়া নামৰ ব্যক্তিজনে দলৌজানৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত দৈয়াং নদীৰ তুলতুল ঘাটৰ ওচৰত পথৰ কাষতে লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰে ৷

দুষ্প্ৰাপ্য লাজুকী বান্দৰটো ঠাণ্ডাত কঁপি থকা অৱস্থাত ব্যক্তিজনে দেখা পাই কোনোমতে উদ্ধাৰ কৰি লৈ আহে আৰু ৰাতিটো নিজা বাসগৃহতে সংৰক্ষণ কৰি ৰাখে ৷ কিন্তু অতিকৈ আচৰিত কথা যে বন বিভাগক লাজুকী বান্দৰ উদ্ধাৰৰ খবৰ দিয়া হয় যদিও বন বিভাগৰ লোকে বিশেষ গুৰুত্ব প্ৰদান নকৰিলে ৷

পৰৱৰ্তী সময়ত বিপুল শইকীয়া নামৰ ব্যক্তিজনে ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ লগত যোগাযোগ কৰি বিৰল প্ৰজাতিৰ লাজুকী বান্দৰটো মহকুমাধিপতি কাৰ্যালয়লৈ নিয়াৰ ব্যৱস্থা কৰে আৰু তাৰ পৰাই নেচাৰ্চ বেকন নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনে উক্ত লাজুকী বান্দৰটো সংৰক্ষণৰ বাবে লৈ যায় ৷

লগতে পঢ়ক: জোনাইত উদ্ধাৰ সুগৰী পহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.