গোলাঘাট, 31 ডিচেম্বৰ : দেৰগাঁও নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি ৷ অনুষ্ঠানটোৰ ৰূপালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি এতিয়া তুংগত ৷ আটক ধুনীয়াকৈ সজাই তোলা হৈছে মূল মণ্ডপ ৷ 4, 5, 6, 7 আৰু 8 জানুৱাৰী 2024 ত 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰ আৰু মাৰোৱাৰী ধৰ্মশালাত অনুষ্ঠিত হ’ব এই সৰ্বভাৰতীয় মহোৎসৱ ৷ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত ৷
ৰাজস্থান, পাঞ্জাব, গুজৰাট, মহাৰাষ্ট্ৰ, উৰিষ্যা, তেলেংগানা, উত্তৰাখণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাৰ লোক নৃত্য, লোক সংগীতৰ অনুষ্ঠানেৰে জীপাল হৈ পৰিব বৃহত্তৰ দেৰগাঁও অঞ্চল ৷ এই সন্মানীয় মঞ্চত আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামী, বৰপেটাৰ বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী সত্য কৃষ্ণ মিশ্ৰ, যশস্বী অভিনেতা প্ৰাঞ্জল শইকীয়াক এই অনুষ্ঠানতে জীৱনজোৰা শিল্পী সাধনা বঁটাৰে সন্মানিত কৰা হ'ব বুলি জানিবলৈ দিছে উদযাপন সমিতিৰ বিষয়ববীয়াই ৷
লগতে এই অনুষ্ঠানতে অসম আদর্শ মাতৃ বঁটা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷ শ্ৰীযুতা মৃণালিণী দেৱী আৰু ড৹ নিৰুপমা মহন্তক এই বঁটা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক এই অনুষ্ঠানতে বিশেষভাৱে সন্মানিত কৰা হ’ব ৷ তেওঁলোক হৈছে- গুৱাহাটীৰ প্ৰবীণ শইকীয়া আৰু ৰশ্মিৰেখা শইকীয়া, গুণাকৰ দেৱ গোস্বামী, যোৰহাটৰ ওম প্ৰকাশ ধুত, সঞ্জীৱ নাৰাইন,শ্যামকানু মহন্ত, সংগীত পৰিচালক অনুৰাগ শইকীয়া, অচ্যুত কুমাৰ পাটোৱাৰী, ধ্ৰুৱ ফুকন, বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী দ্বীপজ্যোতি দাস আৰু দীপাংকৰ আৰন্ধৰা, কণ্ঠশিল্পী ড৹ মৌচুমী চহৰীয়া ৷ উলহ-মালহেৰে অনুষ্ঠিত কৰিবলৈ লোৱা এই অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়া সকলে ৷
লগতে পঢ়ক : অৱসৰপ্ৰাপ্ত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শৰৎ বৰকটকীক সম্বৰ্ধনা