সৰুপথাৰ, ১৭ জানুৱাৰী : শীতৰ এটি মিঠা আবেলি, জীৱনৰ অতনু ৰহস্যৰ জীয়া কথাবোৰ মিঠা সুৰেৰে ছন্দোবদ্ধ কৰিলে অসমৰ দুগৰাকী স্বনামধন্য ব্যক্তিয়ে । শিল্পী দিৱসৰ পৱিত্ৰ ক্ষণত সৰাপাতক সাক্ষী কৰি শ্ৰোতাই শুনি থাকিল ছন্দোৱদ্ধ গল্পৰ গাথা ৷
শিল্পী দিৱস উপলক্ষে ৰাজ্যত সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদক স্মৰণ কৰিছে ৰাজ্যবাসীয়ে । সৰুপথাৰ মহাবিদ্যালয়ত ব্যতিক্ৰমী ৰূপত শিল্পীগৰাকীক স্মৰণ কৰা হয় । সৰুপথাৰ মহাবিদ্যালয়ৰ সাংস্কৃতিক কোষৰ উদ্যোগত গল্প আৰু সংগীতৰ যুগলবন্দী অনুষ্ঠান 'গল্পকথা' অনুষ্ঠিত কৰা হয় ।
উল্লেখ্য যে অসমৰ প্ৰথিতযশা গল্পকাৰ, কবি অতনু ভট্টাচাৰ্য আৰু ধ্ৰুপদী সংগীত শিল্পী মিতালী দে’ৰ গল্প আৰু সংগীতৰ অপূৰ্ব সংমিশ্ৰণ গল্পকথা বৰ্তমান সময়ত সকলোৰে মাজত এক জনপ্ৰিয় অনুষ্ঠান । অতনু ভট্টাচাৰ্য আৰু মিতালী দে’ৰ ব্যতিক্ৰমী অনুষ্ঠান গল্পকথাত আজি জ্যোতিপ্ৰসাদক সুঁৱৰি চাৰিটা গল্প ক্ৰমে- জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গল্প ‘যুজাঁৰু’, সৌৰভ কুমাৰ চলিহাৰ ‘সিহঁতেও পাহাৰ বগালে’, জুৰি বৰুৱাৰ ‘শূণ্যতাৰ সাধুকথা আৰু অলপ সেউজীয়া’, গুলজাৰৰ গল্প ‘ৰাভী পাৰ’ গল্পৰ অভূতপূৰ্ব কথনশৈলীৰে সকলোৰে মন-প্ৰাণ চুই যায় ।
সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত গল্পকাৰ, কবি অতনু ভট্টাচাৰ্যই কয়, ‘‘সাধাৰণতে জ্যোতি প্ৰসাদক তেখেতৰ গীতেৰে-কবিতাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ কিন্তু আমি আজি জ্যোতি প্ৰসাদৰ গল্পৰে স্মৰণ কৰিছোঁ ৷ কাৰণ তেওঁৰ গল্পৰ চৰ্চা তেনেকৈ নহয়েই ৷ জ্যোতি প্ৰসাদে কইটামানহে গল্প লিখিছিল ৷’’
ব্যতিক্ৰমীভাৱে অনুষ্ঠানটো আয়োজন কৰা আয়োজকসকলে কয় যে, গল্পকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাজন লুকাই থাকিল ৷ জ্যোতিপ্ৰসাদ আগৰৱালা যে গল্পকাৰ হিচাবেও এজন বৰেণ্য ব্যক্তি সেয়া সকলোকে চিনাকি কৰাই দিয়াৰ বাবেই শিল্পী দিৱসৰ দিনটো এনেদৰে আয়োজন কৰা হয় ৷
লগতে পঢ়ক: 2023-24 বৰ্ষৰ শিল্পী সন্মান ঘোষণা: 62 গৰাকীলৈ শিল্পী পেন্সন