ETV Bharat / state

ব্যৱসায়ীক ৰডেৰে প্ৰহাৰ কৰি আটক এজন

গোলাঘাটৰ এৰেঙাপাৰত সুশীল চন্দ্ৰ জৈন নামৰ ব্যৱসায়ীজনক দোকান ঘৰৰ মালিক ৰাজুমণি শৰ্মাই ৰডেৰে প্ৰহাৰ কৰাৰ পাচত মালিকজনৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ব্যৱসায়ীজনে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷

Shop owner arrest for attack businessman
ব্যৱসায়ীক ৰডেৰে প্ৰহাৰ কৰি আটক দোকান গৃহৰ মালিক
author img

By

Published : Aug 24, 2020, 3:53 PM IST

Updated : Aug 24, 2020, 5:24 PM IST

গোলাঘাট, 24 আগষ্ট: গোলাঘাটৰ এৰেঙাপাৰত 21 আগষ্টত এজন বৃদ্ধ ব্যৱসায়ীক ৰডেৰে প্ৰহাৰ কৰে এখন দোকান গৃহৰ গৰাকীয়ে । হাতত ৰড লৈ দোকানত প্ৰৱেশ কৰি দোকানৰ চাটাৰ বন্ধ কৰিবলৈ দি দোকান গৃহৰ মালিকসহ তিনিজনে প্ৰহাৰ কৰে বৃদ্ধ ব্যৱসায়ীজনক ।

উল্লেখ্য যে, গোলাঘাট নগৰৰ এৰেঙাপাৰাত থকা দোকান গৃহটোৰ মালিক ৰাজুমণি শৰ্মাই বিগত 20-25 বছৰৰ পৰা নগৰৰে সুশীল চন্দ্ৰ জৈনক বৈদ্যুতিক দোকান চলাবলৈ ভাড়াত দি আহিছে । বহু বছৰ এই দোকান সুকলমে চলি থকাৰ পাচত লক্ ডাউনৰ সময়ৰ পৰাই আৰম্ভ হয় বেমেজালিৰ । সমগ্ৰ ঘটনা CCTV কেমেৰাত বন্দী হৈছিল ৷

ৰাজুমণি শৰ্মাই দোকানখনৰ ভাড়া সন্দৰ্ভত নতুনকৈ চুক্তি কৰিব বিচাৰিছিল । কিন্তু চুক্তি পত্ৰখনত পূৰণ কৰিব নোৱাৰা কেতবোৰ সিদ্ধান্তৰ বাবে ব্যৱসায়ীজনে এই নতুন চুক্তি মানি লোৱা নাছিল । ইয়াৰ পাচতে ৰাজুমণি শৰ্মাই পুত্ৰসহ তিনিজনৰ সৈতে ওচৰৰে এখন দোকানৰ পৰা হাতত ৰড লৈ দোকানখনত প্ৰৱেশ কৰে ৷

ব্যৱসায়ীক ৰডেৰে প্ৰহাৰ কৰি আটক দোকান গৃহৰ মালিক

দোকানত সোমায়েই চাটাৰ বন্ধ কৰিবলৈ চিঞৰ-বাখৰ কৰি বৃদ্ধ ব্যৱসায়ীজনক ৰডেৰে উপৰ্যুপৰি প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে । অৱশ্যে লগত থকা এজনে বাধা প্ৰদান কৰাত কোনোমতে প্ৰাণ ৰক্ষা পৰে ব্যৱসায়ীজন ।

আনহাতে গোলাঘাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনোৱা মতে, ব্যৱসায়ী সুশীল জৈনে 26 মাহে দিয়া নাছিল দোকান ঘৰৰ ভাড়া । ইয়াৰোপৰি, ৰাজুমণি শৰ্মা সৈতে ভাড়াতীয়া ব্যৱসায়ী সুশীল জৈন কোনো ধৰণৰ চুক্তি হোৱা নাছিল । ৰাজুমণি শৰ্মাৰ শশী প্ৰভা নামৰ মহিলা এগৰাকী সৈতেহে চুক্তি হৈছিল । ব্যৱসায়ী সুশীল জৈনৰ শশী প্ৰভাৰ সৈতে আছিল ব্যৱসায়িক যোগসূত্ৰ ।

উক্ত ঘটনা সন্দৰ্ভত 23 আগষ্টত মালিকৰ বিৰুদ্ধে ব্যৱসায়ীজনে গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰাত দুঘণ্টা সময়ৰ পাচতে এজন লোকক আটক কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: বাইহাটাৰ ডাকঘৰত চোৰৰ সন্ত্ৰাস

Last Updated : Aug 24, 2020, 5:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.