গোলাঘাট, 7 জানুৱাৰী: গোলাঘাটৰ দেৰগাঁৱত গৰু কঢ়িয়াই অনা এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰাৰ ফলত 7 টাকৈ গৰুৰ মৃত্যু হৈছে ৷ গৰু কঢ়িয়াই অনা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পকী দলঙৰ ৰেলিং ভাঙি খাৱৈত সোমোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷

দেৰগাঁৱৰ শান্তিপুৰত সংঘটিত এই ভয়াৱহ দুৰ্ঘটনাটোত বাহন খনৰ চালক লগতে বাহনখনত থকা অন্য দুগৰাকী লোক গুৰুতৰ ভাৱে আহত হৈছে ৷ ইয়াৰ এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ আহত লোক কেইজনক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

জানিব পৰা মতে AS01LC9268 নম্বৰৰ বাহনখন তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল আৰু বাহনখনে 15 টাৰো অধিক গৰু কঢ়িয়াই আনিছিল ৷
লগতে পঢ়ক:গোলাঘাটত গ্ৰেপ্তাৰ দুধৰ্ষ বাইক চোৰ