ETV Bharat / state

বৰাকক পৃথক ৰাজ্য ঘোষণা কৰিলে আন বহুতে বিচাৰিব পৃথক ৰাজ্য : ভৰত নৰহ

author img

By

Published : Oct 24, 2021, 5:08 PM IST

ৰাজ্যখনৰ বিশিষ্ট বুদ্ধিজীৱি ড৹ নগেন শইকীয়াই বৰাকক এখন পৃথক ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে বুলি কৰা মন্তব্যই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত ৷ শেহতীয়াকৈ ৰাজ্যৰ এজন জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহে ড৹ শইকীয়াৰ মন্তব্যৰ বিপৰীত স্থিতি গ্ৰহণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

separate-state-demand-for-barak-valley
বৰাকক পৃথক ৰাজ্য ঘোষণা কৰিলে আন বহুতে বিচাৰিব পৃথক ৰাজ্য: ভৰত নৰহ

বোকাখাট, 24 অক্টোবৰ : শেহতীয়াকৈ ৰাজ্যৰ আকাশ-বতাহত আলোচিত হৈছে বৰাকক পৃথক ৰাজ্য ঘোষণা কৰাৰ প্ৰসংগ ৷ বিশেষকৈ ৰাজ্য চৰকাৰৰ চৰকাৰী বিজ্ঞাপনত ক’লা ৰং সানি উগ্ৰ বাঙালী জাতীয়তাবাদত বিশ্বাসী সংগঠনে 'বাংলা লিখুন' বুলি কৰা দাবীৰ পিছতেই পুনৰ চৰ্চালৈ আহিছিল এই বিষয় ৷ ইয়াৰ পিছতে ৰাজ্যখনৰ বিশিষ্ট বুদ্ধিজীৱি ড৹ নগেন শইকীয়াই বৰাকক এখন পৃথক ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে বুলি কৰা মন্তব্যই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত ৷

ইয়াকলৈ বিভিন্নজনে আগবঢ়াইছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ শেহতীয়াকৈ ৰাজ্যৰ এজন জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহে ড৹ শইকীয়াৰ মন্তব্যৰ বিপৰীত স্থিতি গ্ৰহণ কৰা দেখা গ’ল ৷ তেওঁ কয় যে, ‘‘ড৹ নগেন শইকীয়াৰ বক্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় অসমৰ অখণ্ডতা ৰক্ষা কৰাটো আমি বিচাৰোঁ । ৰাজ্যৰ অন্যান্য বহুকেইটা জাতি-জনগোষ্ঠীয়েও পৃথক ৰাজ্য গঠনৰ দাবী কৰি আহিছে । বৰাকক অসমৰ পৰা পৃথক কৰাৰ দৰে দাবী উঠিলে সেই জাতি-জনজাতি সমুহৰো দাবী প্ৰৱল হ'ব’’ ।

ইয়াৰ লগতে, একোটা সমষ্টিৰ পৰা জয়ী হৈ কেইমাহমানৰ পিছতে পুনৰ অন্য দললৈ ঢাপলি মেলা বিধায়ক তথা নিৰ্বাচিত প্ৰাৰ্থী সকলক নাকী লগোৱাৰ সময় আহি পৰিছে বুলি দাবী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত নৰহৰ । ভাৰতীয় সংবিধান তথা গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত 'এন্টি ডিফেকচন' আইনখন সংশোধন কৰি হ’লেও একোজন জয়ী জনপ্ৰতিনিধিক কমেও ৫ বছৰ একেটা দলতে ৰখাৰ আইন প্ৰণয়ন কৰাৰ দাবী বিধানসভাত উত্থাপন কৰাৰ চিন্তা কৰা হৈছে বুলিও মন্তব্য কৰে ভৰত নৰহে ।

ইফালে, পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আদিকে ধৰি ৰাজ্যৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ক্ৰমাগত বৰ্ধিত মূল্য বৃদ্ধিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যৰ উভয় চৰকাৰ দায়ী বুলি উল্লেখ কৰে নাওবৈছাৰ বিধায়কজনে । এই ক্ষেত্ৰত শাসকীয় বিজেপি চৰকাৰক সমালোচনা কৰি বিৰোধী বিধায়কজনে কয় যে উপ-নিৰ্বাচনত সাধাৰণ ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব ।

লগতে পঢ়ক : টী 20 বিশ্বকাপ : আজি সমুখ সমৰত চিৰবৈৰী ভাৰত-পাকিস্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.