গোলাঘাট,29 জুলাই : গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ 36 ঘন্টীয়া অনশনত বহিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিগৰাকী নেতা। গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় পূৰ্ণ পৰ্যায়লৈ উন্নীত নোহোৱাক লৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এই প্ৰতিবাদ।
গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গোলাঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাও,সম্পাদক সুপ্ৰতীম ৰাজখোৱা আৰু সহকাৰী সম্পাদিকা অংকিতা শইকীয়াই 36 ঘন্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে ৷ উল্লেখ্য যে, AICTEৰ অনুমোদন লাভ নকৰা অভিযান্ত্ৰিক মহাবিদ্যালয়খন 2019 চনৰ 5 ফেব্ৰুৱাৰীতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰা মহাবিদ্যালয়খনৰ আন্ত:গাথঁনি দুৰ্বল,অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰয়োজনীয় ব্যৱস্থা উন্নত নোহোৱাৰ বাবে AICTEয়ে পূৰ্ণাংগ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অনুমোদন প্ৰদান নকৰিলে। যাৰবাবে গোলাঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মহাবিদ্যালয়খনৰ প্ৰয়োজনীয় ব্যৱস্থাৰ অভাৱ দূৰ কৰি অভিযান্ত্ৰিক মহাবিদ্যালয়খন পূৰ্ণাংগ ৰূপ প্ৰদান কৰিবলৈ 36 ঘন্টীয়া অনশন প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ।