সৰুপথাৰ, 4 নৱেম্বৰঃ গোলাঘাটৰ সৰুপথাৰৰ টেঙানী গাঁওপঞ্চায়তৰ অন্তৰ্গত "ঔগুৰী আলিছিঙা পাৰঘাট"ৰ পৰা "দুই নং বৰহোলা" সংযোগী পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে অঞ্চলবাসীক ৷ সাত কিলোমিটাৰ দৈঘ্যৰ পথটো মেৰামতিৰ অভাৱত জহি খহি যাবলৈ ধৰিছে ৷ পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভুগিব লগা হৈছে ৷ কৃষি প্ৰধান অঞ্চলটোত বহুকেইখন ক্ষুদ্ৰ চাহপাত বাগান থকাৰ লগতে ধান খেতি আৰু শাক পাচলিৰ খেতি হয় ৷ কিন্তু পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ গাড়ী মটৰ চলাচল নকৰে ৷ কৃষকে উৎপাদিত সামগ্ৰী বজাৰলৈ নিব নোৱাৰে ৷ যাৰবাবে পঞ্চায়তটোৰ সপ্তাহিক বজাৰ বন্ধ হৈ পৰিছে |
আনকি অঞ্চলটোলৈ নাহে মৃত্যুঞ্জয় সেৱা ১০৮ | পথৰ দুৰৱস্থাৰ বাবে ৰোগীৰ অকাল মৃত্যু ঘটিছে বহু সময়ত | কেৱল ডাঙৰ ট্ৰেক্টৰ হে চলাচল কৰিব পাৰে এই পথেৰে | পঞ্চায়তৰ উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই | সাধাৰণ পথচাৰী,মটৰ চাইকেল আৰোহী বহু কষ্ট কৰি যাতায়ত কৰে এই পথেৰে | পথছোৱা মেৰামতি কৰি দিব বুলি স্থানীয় বিধায়িকা আৰু সাংসদে বিভিন্ন সময়ত ৰাইজক আশ্বাস আৰু প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিলৈকে পথ মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই |
লগতে চাওকঃ ধন হৰলুকি কৰি গ্ৰেপ্তাৰ গোলাঘাট ইণ্ডিয়ান বেংকৰ সহকাৰী প্ৰৱন্ধক!