ETV Bharat / state

পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগত ভুগিছে সৰুপথাৰবাসী - পথৰ দুৰৱস্থা

গোলাঘাট জিলাৰ সৰুপথাৰৰ পৰা ইকৰাণী হৈ টেংৰাজান বৰবালি সংযোগী পথৰ দুৰৱস্থা । পাঁচ বছৰ পূৰ্বে নিৰ্মাণ কৰা পথটো মেৰামতি নকৰাৰ বাবে ভাঙি ছিঙি বিধ্বস্ত হৈ পৰিছে । পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷

পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগত ভুগিছে সৰুপথাৰবাসী
author img

By

Published : Jun 29, 2019, 3:04 PM IST

সৰুপথাৰ,২৯জুন : গোলাঘাট জিলাৰ সৰুপথাৰৰ পৰা ইকৰাণী হৈ টেংৰাজান বৰবালি সংযোগী পথৰ দুৰৱস্থা । পাঁচ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল পথটো । কিন্তু নিৰ্মাণৰ পাছৰ পৰা পথটো মেৰামতি নকৰাৰ বাবে ভাঙি ছিঙি বিধ্বস্ত হৈ পৰিছে উক্ত পথটো । পকী পথৰ মাজে মাজে সৃষ্টি হৈছে দ গাঁতৰ । পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে । স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ পথচাৰী,ৰোগীয়ে বহু কষ্টৰে যাতায়ত কৰিব লগা হয় । ইপিনে, পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ আহিব নোৱাৰে মৃত্যুঞ্জয় সেৱা । চৰকাৰক পথটো সন্দৰ্ভত বহুবাৰ জনায় অহা হৈছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

Intro:অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডল কাৰ্যালয়ৰ অধীনস্থ সৰুপথাৰ ইকৰাণী, প্ৰেমহৰা, টেংৰাজান হৈ গেলাবিল সংযোগী গড়কাপ্তানী পথটো জৰাজীৰ্ণ ৰুপ ধাৰণ কৰিছে |Body:সৰুপথাৰৰ পৰা ইকৰাণী হৈ টেংৰাজান বৰবালি সংযোগী পথটো বিগত প্ৰায় পাঁচ ছয় বছৰে চৰকাৰে মেৰামতি নকৰাৰ ফলত পথছোৱা ভাঙি ছিটি বিধস্ত ৰুপ ধাৰণ কৰিছে | পকী পথৰ মাজে মাজে দঁ দঁ গাতৰ সৃষ্টি হৈছে |

পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা কলা দেখুৱাইছে পথচাৰী | স্কুলীয়া ছাত্ৰ ছাত্ৰী সাধাৰণ পথচাৰী,ৰোগীয়ে বহু কষ্টৰে অহা যোৱা কৰিবলগা হয় পথটোৱেদি | পথৰ দুৰৱস্থাৰ বাবে নাহে ১০৮ মৃত্যুঞ্জয় সেৱা | চৰকাৰ আহিছে আৰু গৈছে কিন্তু কোনো এখন চৰকাৰৰ পথ উন্নয়ন আঁচনিয়ে ঢুকি নাপালে পথছোৱা | স্থানীয় ৰাইজে গড়কাপ্তানী পথছোৱা মেৰামতিৰ দাবী কৰিছে |Conclusion:Byte ,স্থানীয় বাসিন্দা

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.