সৰুপথাৰ, 16 অক্টোবৰঃ সৰুপথাৰৰ নাওজান নেপেৰপট্টী ঘাটত ধনশিৰি নদীৰ বুকুৰে মাৰ নাৱেৰেই বিপদ সংকুল ভাবে যাতায়ত ৰাইজৰ ৷ নৈখনৰ দুয়োপাৰে আছে সৰুপথাৰ আৰু বোকাজান সমষ্টি ৷ কিন্তু দুয়োটা সমষ্টিকে সংযোগ কৰা ধনশিৰি নৈৰ ওপৰত নাই এখন পকী দলং ৷ যাৰ ফলত এতিয়া বাৰিষা মাৰ নাও আৰু খৰালি বাঁহৰ দলঙেৰে বিপদসংকুলভাৱে নৈ পাৰ হ’ব লগা হয় অঞ্চলবাসীয়ে ৷ উল্লেখ্য যে, নাওজান ৰ পৰা এই ঘাটেৰে ধনশিৰি নৈ পাৰ হৈ কাৰ্বিআংলং জিলাৰ বালিপথাৰত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত পোনপটীয়া সংযোগ হৈ আছে ৷
আনহাতে, দৈনিক স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীকে ধৰি সহস্ৰাধিক লোক অহা যোৱা কৰে এই ঘাটটোত এখন দলঙৰ অভাৱে দুৰ্ভোগ ভোগাইছে ৰাইজক ৷ সেয়েহে ৰাইজে একত্ৰিত হৈ কাৰ্বিআংলং সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ'জলিনা তিৰ্কী আৰু বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা৹ নোমল মমিনক ধনশিৰি নৈৰ ওপৰত এখন পকী দলঙৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে৷