ETV Bharat / state

সৰুপথাৰৰ টেঙানীত বিধায়ক বিশ্বজিৎ ফুকনক আদৰণি

author img

By

Published : Oct 8, 2021, 11:37 AM IST

বৃহস্পতিবাৰে টেঙানীত উপস্থিত হয় সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ৷ টেঙানীত বিপুলভাৱে আদৰণি জনোৱা হয় বিধায়কগৰাকীক ৷

Sarupathar MLA visit Tengani_Visual_Byte_ASC10084
সৰুপথাৰৰ টেঙানীত বিধায়ক বিশ্বজিৎ ফুকনক আদৰণি

সৰপথাৰ, 8 অক্টোবৰ : বৃহস্পতিবাৰে টেঙানীত উপস্থিত হয় সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জন্মস্থান টেঙানীত বিপুলভাৱে আদৰণি জনোৱা হয় বিধায়কগৰাকীক ৷ টেঙানীৰ খকণ্ডগুৰি ৰাজহুৱা ভৱনত গাঁওবুঢ়া সন্থাৰ উদ্যোগত আৰু টেঙানীবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানলৈ ঢোলে-দগৰে আদৰি নিয়া হয় বিধায়কগৰাকীক ৷

সহস্ৰাধিক ৰাইজৰ উপস্থিতিত টেঙানীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উপৰিও টেঙানীবাসী ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে বিধায়কগৰাকীক ৷ কৃষক মুক্তিৰ দুৰ্গ স্বৰূপ টেঙানীত ৰাইজৰ মৰমত অভিভূত হৈ পৰে বিধায়কগৰাকী । সমস্যাজৰ্জৰ টেঙানীৰ সমস্যাসমূহ সমাধানৰ অৰ্থে সকলোকে শত্রুতা পৰিহাৰ কৰি টেঙানীৰ উন্নয়নত সহযোগ কৰিবলৈ আহ্বান জনাই বিধায়ক বিশ্বজিৎ ফুকনে ৷

টেঙানীত বিধায়ক বিশ্বজিৎ ফুকনক আদৰণি

ইয়াৰ উপৰিও বিধায়কগৰাকীয়ে মাধ্যমিক শিক্ষা গ্ৰহণ কৰা ধোন্দাচাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক-কৰ্মচাৰী, শিক্ষাৰ্থী-অভিভাকেও তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ এই অনুষ্ঠানৰ মাজতে তেওঁ বিদ্যালয়খনত অধ্যয়নৰ সময়ৰ অভিজ্ঞতা আৰু মনৰ ভাৱ প্ৰকাশ কৰে ।

বিদ্যালয়খনে নতুনকৈ উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাৰ বাবে কাৰ্যসূচীৰ মাজতে তেওঁৰ হাতেৰে একাদশ শ্ৰেণীৰ পাঠ্যপুথিসমূহ বিতৰণ কৰি পাঠদানৰ শুভাৰম্ভণি কৰে । তেওঁৰ মন্তব্যত বিদ্যালয়খনক আদৰ্শ বিদ্যালয় হিচাপে গঢ় দিবলৈ আন্তঁগাঠনিৰ উন্নয়নৰ বাবে ৩৫ লাখ টকা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

লগতে পঢ়ক : মৰিগাঁৱত আৰক্ষীৰ মানসিক স্বাস্থ্য সন্দৰ্ভত সজাগতা শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.