ETV Bharat / state

নিৰ্জীৱ বস্তুত প্ৰাণ ঢলা এগৰাকী যুৱ চিত্ৰশিল্পী - শিলগুটি আৰু পাতত চিত্ৰ অংকন

ধনশিৰি মহকুমাৰ এগৰাকী বিশেষ চিত্ৰশিল্পী । চিত্ৰশিল্পীয়ে সাধাৰণতে কাগজ বা কেনভাছত চিত্ৰ অংকণ কৰা দেখা যায় কিন্তু এইগৰাকী শিল্পীয়ে বাটত পৰি থকা কিছুমান শিলগুটি আৰু বৰগছৰ কিছুমান পাত আনি তাত চিত্ৰ অংকন কৰি সেইসমূহ শিলগুটি আৰু পাত সমূহক এক জীৱন্ত ৰূপ দিয়াৰ চেষ্টা কৰে ৷

sarupathar-artist-purno-pratim
নিৰ্জীৱ বস্তুত প্ৰাণ ঢলা এগৰাকী চিত্ৰশিল্পী
author img

By

Published : Jul 25, 2020, 7:33 PM IST

সৰুপথাৰ,25 জুলাইঃ ধনশিৰি মহকুমাৰ এগৰাকী চিত্ৰশিল্পী,নাম পূৰ্ণ প্ৰতীম বৰচুতীয়া । অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ অতি ভিতৰুৱা বাৰঘৰীয়া গাঁৱত তেওঁৰ ঘৰ । চিত্ৰ অংকণ কৰাটো তেওঁৰ এক প্ৰকাৰৰ নিচা। তেওঁ অকল চিত্ৰশিল্পতেই জড়িত তেনে নহয় তেওঁ জড়িত সংগীতৰ লগতো ।

নিৰ্জীৱ বস্তুত প্ৰাণ ঢলা এগৰাকী চিত্ৰশিল্পী

ইয়াৰ উপৰিও তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদকৰ দৰে পদত থাকি সীমান্ত অঞ্চলত ৰাইজৰ হৈ বিভিন্ন সমস্যা সমূহৰ বিষয়ে মাত মাতি আহিছে । সৰুৰ পৰাই তেওঁ চিত্ৰ অংকণ কৰি ভাল পাইছিল। সৰ্বসাধাৰণতে চিত্ৰশিল্পীয়ে কাগজ বা কেনভাছত চিত্ৰ অংকণ কৰা দেখা যায় কিন্তু এইগৰাকী শিল্পীয়ে বাটত পৰি থকা কিছুমান শিলগুটি আৰু বৰগছৰ কিছুমান পাত আনি তাত চিত্ৰ অংকণ কৰি সেইসমূহ শিলগুটি আৰু পাত সমূহক এক জীৱন্ত ৰূপ দিয়াৰ চেষ্টা কৰে ৷ শিলগুটি সমূহত তেওঁ অসমৰ বৰেণ্য লোক সকলৰ ছবি অংকণ কৰিছে । ইয়াৰ লগতে তেওঁ গছৰ পাত সমূহতো মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ ছবি অংকণ কৰা দেখা গৈছে ।
লগতে পঢ়কঃছবি আঁকি উপাৰ্জন কৰা ধন বানাক্ৰান্তলৈ আগবঢ়ালে আমগুৰিৰ যুৱকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.