সৰুপথাৰ, 7 নৱেম্বৰ: সমাজৰ বৰবিহ স্বৰূপ মাৰাত্মক ড্ৰাগছে ছানি ধৰিছে গোলাঘাট জিলাৰ সৰুপথাৰ নগৰ ৷ নগৰখনত ড্ৰাগছৰ কৱলত পৰি এতিয়া ধ্বংসৰ মুখলৈ গতি কৰিছে এজনৰ পাছত আনজন উঠি অহা কিশোৰ-যুৱক ৷ চুবুৰীয়া ৰাজ্যৰ নাগালেণ্ডৰ ডিমাপুৰৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী চক্ৰই এতিয়া বাহৰ পাতিছে সৰুপথাৰত যাৰ ফলত বৰ্তমান নগৰখনত দিনে পোহৰে মুকলিকৈ চলিছে অবৈধ ড্ৰাগছৰ বেহা ৷
বৃহস্পতিবাৰে, এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত অভিযান চলাই সৰুপথাৰ আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছসহ আটক কৰে গৌৰৱ বৰা, জয়ন্ত গগৈ আৰু অনুপম সন্দিকৈ নামৰ তিনিজন যুৱকক ৷ ধৃত যুৱক কেইজনৰ ঘৰ ক্ৰমে ২ নং ৱাৰ্ড, নগাজৰি আৰু টেঙাহোলা গাঁৱত ৷ ইয়াৰে দুজন যুৱকৰ বয়স মাত্ৰ 19 বছৰ ৷ এই অভিযানতকালত আৰক্ষীক সহযোগ কৰে সৰুপথাৰ মহকুমা ছাত্ৰ সন্থাই ৷
উল্লেখযোগ্য যে, কিছুদিনৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অলিয়ে গলিয়ে মাৰাত্মক ড্ৰাগছৰ বেহা মেলি দিয়া পৰিলক্ষিত হৈছে । মনকৰিবলগীয়া যে, মাত্ৰ কিছুদিন পূৰ্বে গেলাবিল অঞ্চলৰ ৰাইজে এজন যুৱকক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আটক কৰি বৰপথাৰ আৰক্ষীক চমজাই দিছিল ।
আৰু পঢ়ক : শিৱসাগৰত হেকাৰে লুটিলে অধ্যাপিকাৰ ধন