গোলাঘাট,29মে'::গোলাঘাট পৰিবহন বিভাগৰ কাৰ্যালয়ত আজি স্থাপন কৰা হয় ছেনিটাইজাৰ মেচিন।গোলাঘাটৰ বিশিষ্ট সমাজকৰ্মী পৰীক্ষিত দত্ত আৰু পূৰ্ণ ৰাজখোৱাৰ উদ্যোগত গোলাঘাট পৰিবহন বিভাগৰ কাৰ্যালয়ত এই ছেনিটাইজাৰ মেচিন স্থাপন কৰা হয়।ইপিনে স্থাপন কৰা এই ছেনিটাইজাৰ মেচিনটো গোলাঘাটৰ বেঙেনাখোৱাৰ খুৰচিদ খানৰ থলুৱা প্ৰতিষ্ঠান ছিগনেচাৰ ইন্টেৰিঅ'ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে ৷
গোলাঘাটৰ আটাইতকৈ ব্যস্ততাপূৰ্ণ আৰু মানুহৰ সমাগম হোৱা কাৰ্যালয় গোলাঘাট পৰিবহন বিভাগৰ কাৰ্যালয়টোত স্থাপন কৰা মেচিনটো বৰ্তমান সময়ত বিশেষ উপযোগী হ'ব বুলি মন্তব্য কৰে গোলাঘাট জিলাৰ পৰিবহন বিষয়াগৰাকীয়ে ৷ আনহাতে, অতি কম খৰচত এই ছেনিটাইজাৰ মেচিন তৈয়াৰ কৰি প্ৰধানমন্ত্ৰীৰ সপোন থলুৱা সামগ্ৰীৰে থলুৱা বজাৰ ধৰি ৰখাৰ এক উদাহৰণো দাঙি ধৰিলে থলুৱা প্ৰতিষ্ঠানটোৱে ৷
![Sanitizer machine install at Golaghat Transport Department Office](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-802-29may-sanitizemachinedonated-vis-byte-7205572_29052020124846_2905f_00951_953.jpg)