গোলাঘাট,21 ফেব্ৰুৱাৰী: দেওবাৰে গোলাঘাটৰ গৰঙা চাহ বাগিচা খেলপথাৰত কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম বচাও আহক শীৰ্ষক জনসভা অনুষ্ঠিত কৰে ৷ সভাত মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় সদ্য পদত্যাগী নেত্ৰী তথা ন বিজেপি অজন্তা নেওগক ৷ কংগ্ৰেছৰ মাহী বুলি সম্বোধন কৰি কঠোৰ ভাষাৰে সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷
উল্লেখ্য যে, বিজেপি কৰ্মীৰ ৰোষত পৰা প্ৰাক্তন কংগ্ৰেছী নেত্ৰী গৰাকীৰ বিভিন্ন কথাই স্থান পাইছে কংগ্ৰেছৰ সভাত ৷ একাংশ বিজেপি কৰ্মীয়ে অজন্তা নেওগৰ প্ৰতি কৰা লাঞ্চনা-বঞ্জনাই আলোচনাৰ বিষয় হৈ পৰিছে কংগ্ৰেছৰ ভিতৰ চৰাত ৷ সৰ্বভাৰতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মুকুল ৱাচনিক, ৰাজ্যসভাৰ সাংসদ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, ছত্তিছগড় চৰকাৰৰ মন্ত্ৰী গোলাপ টুমুৰ উপস্থিত থাকে।
এইসভাতে জাতীয় কংগ্ৰেছৰ ভিচন উন্মোচন কৰে সৰ্বভাৰতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মুকুল ৱাচনিক আৰু ৰিপুন বৰাই । সভাত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে ।
লগতে পঢ়ক: বোকাখাত সমষ্টিত বিজেপি-অগপৰ বৃহৎ প্ৰত্যাহ্বান হ'ব জিতেন গগৈ