ETV Bharat / state

ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাৰাজ চলিছে: ৰিপুন বৰা

author img

By

Published : Sep 11, 2022, 9:27 PM IST

হিমন্তৰ বিৰুদ্ধে যোৱাৰ বাবে আজি ভিক্টৰ দাস আক্ৰোশৰ বলি হৈছে ৷ হিটলাৰ, তালিবানৰ দৰে হিমন্ত‌ই সীমা চেৰাই গৈছে ৷ তৃতীয়-চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত চৰকাৰে ইংৰাজী মাধ্যম জাপি দিয়া কাৰ্য্য গৰিহণাযোগ্য ৷ গোলাঘাটত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় উদ্বোধন কৰি এই মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই (Ripun Bora slams Himanta Biswa sarma) ৷

Ripun Bora slams Himanta Biswa sarma
Ripun Bora slams Himanta Biswa sarma

গোলাঘাট, 11 ছেপ্টেম্বৰ: "ৰাইজে বিকল্প বিচাৰিছে ৷ এতিয়া বিজেপিৰ অত্যাচাৰৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে ৷ এতিয়া এই পৰিত্ৰাণ বিকল্প কাকো বিচাৰি পোৱা নাই ৰাইজে ৷ গতিকে ভাবিছে তৃণমূল কংগ্ৰেছে ৰাইজক পৰিত্ৰাণ দিব পাৰিব ৷ এতিয়া ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাৰাজ চলিছে ৷ অসমৰ মানুহক হিমন্ত‌ই নিজৰ গুণ্ডাগিৰি দেখুওৱাইছে ৷ যাৰ ভুক্তভোগী ভিক্টৰ দাস ৷" গোলাঘাটত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় উদ্বোধন কৰি এই মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই (Ripun Bora slams Himanta Biswa sarma)৷

লগতে শেহতীয়াকৈ তৃতীয়-চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ সন্দৰ্ভত অনিয়ম হোৱাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসৰ (Ripun Bora commented on Viktor Das) সন্দৰ্ভত বৰাই কয়, "হিমন্তৰ বিৰুদ্ধে যোৱাৰ বাবে আজি ভিক্টৰ দাস আক্ৰোশৰ বলি হৈছে ৷ হিটলাৰ, তালিবানৰ দৰে হিমন্ত‌ই সীমা চেৰাই গৈছে ৷ তৃতীয়-চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত চৰকাৰে ইংৰাজী মাধ্যম জাপি দিয়া কাৰ্য গৰিহণাযোগ্য ৷ কণ কণ শিশুৰ ওপৰত হিটলাৰী শাসন চলাইছে চৰকাৰে ৷"

ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাৰাজ চলিছে: ৰিপুন বৰা

কংগ্ৰেছৰ খহনীয়াৰ সন্দৰ্ভত ৰিপুন বৰাই কয় যে, কংগ্ৰেছত পদত্যাগটো একো নতুন কথা নহয় ৷ প্ৰতিদিনেই পদত্যাগ কৰিছে ৷ কংগ্ৰেছত পদত্যাগ চলি থাকিব ৷ দলটোৱে বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰিব পৰা নাই ৷ চৰকাৰে নাগপুৰক সন্তুষ্ট কৰিবলৈ, হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী সুৰক্ষা কৰিবলৈ অসমত অসমীয়া মাধ্যম ধ্বংস কৰিবলৈ ওলাইছে আৰু স্কুলবোৰ তেওঁ বন্ধ কৰিছে বুলি অভিযোগ তোলে ৰিপুন বৰাই ৷

সুদীৰ্ঘ 15 বছৰ অসমৰ শিক্ষামন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁ শিক্ষামন্ত্ৰী হিচাপে থাকি বিদ্যালয়সমূহৰ মানদণ্ড উন্নত নকৰিলে, শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থা নকৰিলে আৰু আজি তাৰফলত বিদ্যালয়সমূহত যি ফলাফল বেয়া হৈছে তাৰ কাৰণে বিদ্যালয়সমূহক বন্ধ কৰিব ৷ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ব্যৰ্থতা ঢাকিবলৈ বিদ্যালয়সমূহ বন্ধ কৰিছে ৷

লগতে পঢ়ক: ৪৫ মিনিটজোৰা সোধ-পোছৰ অন্তত যাবলৈ দিয়া হ’ল ৪ ছাত্ৰ-ছাত্ৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.