ETV Bharat / state

গোলাঘাট জিলাৰ বোকাখাতত গঁড় চিকাৰী গ্ৰেপ্তাৰ

author img

By

Published : Oct 5, 2020, 8:49 PM IST

বোকাখাত আৰক্ষীয়ে ভাৰতীয় দণ্ডাবিধি আইনৰ 25 (1-A) ARMS ACT. ত 315/2020 নম্বৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । পূৰ্বেও ২০১৩-১৪ বৰ্ষত কেইবাটাও গঁড় হত্যাৰ সৈতে জড়িত হৈ একাধিকবাৰ জেল হাজোতলৈ যাব লগা হৈছিল আটকাধীন চন্দ্ৰ দলে ৷

rhino-poacher-arrested
গোলাঘাট জিলাৰ বোকাখাতত গঁড় চিকাৰী গ্ৰেপ্তাৰ

গোলাঘাট, 5 অক্টোবৰ: গঁড় চিকাৰীৰ বিৰুদ্ধে গোলাঘাট জিলাৰ বোকাখাত আৰক্ষীৰ অভিযান। অভিযান কালত বোকাখাতত পুনৰ এটা গঁড় চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বোকাখাত আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা চিকাৰীটোৰ নাম হ'ল চন্দ্ৰ দলে ৷ গঁড় চিকাৰীটোৰ ঘৰ বোকাখাতৰ বহিখোৱাৰ পলাশগুৰি গাঁৱত । বোকাখাত আৰক্ষীয়ে সোমবাৰে পুৱতি নিশা দলেক আটক কৰে ৷ পৰৱৰ্তী সময়ত ঘৰৰ ভিতৰত পুতি থোৱা অৱস্থাত ৫ জাই ৩০৩ ৰাইফলৰ সজীৱ গুলি আৰু ১২ জাই ৩১৫ ৰ সজীৱ গুলি, মুঠ ১৭ জাই সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে । নিজৰ শোৱনী কোঠাৰ কাষতে মজিয়াত গুলীসমূহ পুতি থৈছিল গঁড় চিকাৰী চন্দ্ৰ দলেই।

ইতিমধ্যে বোকাখাত আৰক্ষীয়ে ভাৰতীয় দণ্ডাবিধি আইনৰ 25 (1-A) ARMS ACT ত 315/2020 নম্বৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । পূৰ্বেও ২০১৩-১৪ বৰ্ষত কেইবাটাও গঁড় হত্যাৰ সৈতে জড়িত হৈ একাধিকবাৰ জেল হাজোতলৈ যাব লগা হৈছিল আটকাধীন চন্দ্ৰ দলে ৷ চিকাৰীটোক বোকাখাত আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ লগতে আৰু অধিক তথ্য লাভৰ আশংকা ব্যক্ত কৰিছে ।

লগতে পঢ়ক : লখিমপুৰত ধন উৎকোচ লৈ গ্ৰেপ্তাৰ বন বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.