ETV Bharat / state

গোলাঘাটত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী চন্দন ব্ৰহ্ম

গোলাঘাট জিলা প্ৰশাসন আৰু ৰাইজৰ সহযোগত আয়োজিত গণৰাজ্য় দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে ৰাজ্য় চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই ।

author img

By

Published : Jan 26, 2021, 2:29 PM IST

গোলাঘাটত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী চন্দন ব্ৰহ্ম
গোলাঘাটত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী চন্দন ব্ৰহ্ম

গোলাঘাট,২৬ জানুৱাৰী : ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো উদযাপন কৰা হয় ৭২ সংখ্যক গণৰাজ্য দিৱস। গোলাঘাট জিলা প্ৰশাসন আৰু ৰাইজৰ সহযোগত আয়োজিত এই কাৰ্যৰ্সূচীত পতাকা উত্তোলন কৰে ৰাজ্য় চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই ।

পুৱা ৯ বজাত পতাকা উত্তোলনৰ পিছতেই আৰক্ষী,চিআৰপিএফ আৰু এনচিচিৰ সদস্য়সকলে পেৰেডত অংশগ্ৰহণ কৰে। পতাকা উত্তোলন কৰি ৰাইজক উদ্দেশ্যি দিয়া ভাষণত গোলাঘাটৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ কুশল কোঁৱৰ, কমলা মিৰি আদি বীৰ শ্বহীদ আৰু মুক্তিযোদ্ধাসকলক স্মৰণ কৰে মন্ত্ৰী গৰাকীয়ে ।

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আয়োজন কৰা বাৰেৰহণীয়া অনুষ্ঠানত চৰকাৰী বিভিন্ন আঁচনিৰ প্ৰতীক প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰা হয় । উক্ত অনুষ্ঠানত জিলাখনৰ নাগৰিকৰ লগতে উপস্থিত থাকে গোলাঘাটৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডী, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ উপৰিও জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়-ববীয়াসকল।

লগতে পঢ়ক :বৰপেটাত ৭২ সংখ্যক গণৰাজ্য দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.