গোলাঘাট, 18 মে': এখন আৰক্ষী থানা ৷ আৰক্ষী থানাখনে উদঙাইছে অসম পুলিচৰ উন্নয়নৰ পয়ালগা ছবিখন ৷ গোলাঘাট জিলাৰ অন্তৰ্গত ঘিলাধাৰী থানা ৷ য'ত যাতায়তৰ নামত আজি পৰ্যন্তও নাই তিলমানো সুযোগ সুবিধা ৷ থানাখনত যাতায়তৰ কোনো সু-ব্যৱস্থা নথকাত থানাখনৰ পৰা চোৰ-ডকাইত নিয়া হয় সাধাৰণ মানুহ যোৱা মেজিক অথবা বাছেৰে ৷ এনেদৰেই পৰিচালিত হৈ আছে আৰক্ষী থানাখন ৷ ইপিনে সাধাৰণ লোকে অহা-যোৱা কৰা গাড়ীৰে আচামী অনা-নিয়া কাৰ্যৰ ফলত যিকোনো মূহুৰ্ততে পলায়ন কৰাৰ আশংকা নুই কৰিব নোৱাৰি ৷ অসম পুলিচৰ আধুনিকীকৰণৰ নামত চৰকাৰে ঢাক-ঢোল বজাই থকাৰ সময়তে ঘিলাধাৰী থানাৰ এই ছবিয়ে উদঙাইছে আৰক্ষী তথা গৃহ বিভাগৰ আচল স্বৰূপটো ৷
কি চলিছে অসম পুলিচৰ আধুনিকীকৰণৰ নামত ? - golaghat
অসম পুলিচৰ আধুনিকীকৰণৰ নামত ঢাক-ঢোল ৷ গোলাঘাটৰ ঘিলাধাৰী থানাত নাই যাতায়তৰ সু-ব্যৱস্থা ৷ বাহিৰা গাড়ীত উঠাই থানাৰ পৰা নিয়া হয় আচামী ৷
![কি চলিছে অসম পুলিচৰ আধুনিকীকৰণৰ নামত ?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3316445-thumbnail-3x2-knklj.jpg?imwidth=3840)