বোকাখাত, ১৬ জুন : ‘‘একাংশ মন্ত্ৰী-বিষয়া তথা এনজিঅ’ৰ বাবে কাজিৰঙা (Kaziranga national park)হৈছে খীৰতি গাই ৷ এয়া এতিয়াৰ কথা নহয় ৷ পূৰ্বৰে পৰাই কাজিৰঙাৰ বিভিন্ন অজুহাত দেখুৱাই একাংশ লোকে লুটি আহিছে লাখে লাখে টকা’’ ৷ চলিত বৰ্ষত গঁড় গণনাৰ তিনিদিনত খাদ্যৰ নামতে ব্যয় ১৬ লক্ষাধিক টকা ব্যয় হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই মন্তব্য কৰে জীপাল কৃষক-শ্ৰমিক সংঘই ৷

তথ্য অনুসৰি, চলিত বৰ্ষৰ ২৬, ২৭ আৰু ২৮ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছিল ১৪ সংখ্যক গঁড় গণনাৰ কাম (Rhino census in Kaziranga National Park) ৷ এই গঁড় গণনাত এদিনৰ নৈশ ভোজৰ নামত খৰচ হৈছিল ২ লাখ ৮৭ হাজাৰ টকা । লগতে তিনিদিনীয়া গঁড় পিয়লৰ নামত ব্যয় হৈছিল ৩০,৮৬,৮০০ টকা । আৰ টি আই কৰ্মী ৰোহিত চৌধুৰীয়ে প্ৰকাশ কৰিছে গঁড় গননাৰ নামত হোৱা বৃহৎ ব্যয়ৰ এই বিস্ফোৰক তথ্য (For Rhino census in Kaziranga used huge amount of money)। এই লৈ এতিয়া সমগ্ৰ বোকাখাতৰ লগতে কাজিৰঙাতো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।
তিনিদিনত কোনে খালে ১৬ লাখ টকাৰ খাদ্য ? কাজিৰঙাত চলা তিনিদিনীয়া গঁড় পিয়লত ১৬ লাখ টকাৰে কি কি খাইছিল বিষয়া কর্মচাৰীয়ে ? এদিনৰ ডিনাৰ পাৰ্টিত কেনেকৈ খৰচ হৈছিল ২ লাখ ৮৭ হাজাৰ টকা ? গঁড় পিয়লত প্ৰতিবেদন প্ৰস্তুত নহ’ল ৷ কিন্তু তিনিদিনীয়া কার্যসূচীৰ বাবেই কাজিৰঙাত ব্যয় কৰা হ’ল ৩০ লাখ ৮৬ হাজাৰ টকা ৷
লগতে পঢ়ক : Rhino Census in Kaziranga: গঁড় গণনাকাৰীৰ খাদ্যৰ নামতে ব্যয় ১৬.৭৯ লাখ টকা
আৰ টি আইৰ তথ্যই পোহৰলৈ অনা এই ভয়ংকৰ কেলেংকাৰী সন্দৰ্ভত মুকলি তদন্তৰ দাবী তুলিছে জীপাল কৃষক-শ্ৰমিক সংঘই । উল্লেখ্য যে, ২০১৮ চনৰ পিছত চলিত বর্ষত অনুষ্ঠিত হৈছিল ১৪ সংখ্যক গঁড় পিয়ল ৷ এই পিয়ল চলিছিল বিগত ২৬ মার্চৰ পৰা ২৮ মার্চলৈ ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত এই পিয়লৰ বাবে হোৱা ব্যয়ৰ সবিশেষ তথা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷

আৰটিআই কর্মী ৰোহিত চৌধুৰীয়ে ৰাজহুৱা কৰা তথ্যত প্ৰকাশ পাইছে পিয়লৰ নামত ২৫ মার্চৰ পৰা ২৯ মার্চলৈ হোৱা এই ব্যয়ৰ তথ্য ৷ এই তথ্য অনুসৰিয়েই উল্লেখিত ৫ টা দিনত গঁড় পিয়ল প্ৰক্ৰিয়াত সৰ্বমুঠ ব্যয় হ’ল ৩০ লাখ ৮৬ হাজাৰ ৮০০ টকা ৷ লক্ষণীয়ভাৱে ইয়াৰ ভিতৰত ১৬ লাখ ৭৯ হাজাৰ ২৬০ টকা ব্যয় হ’ল কেৱল খাদ্যৰ নামত ৷
আৰটিআই কর্মী ৰোহিত চৌধুৰীয়ে মুকলি কৰি দিয়া তথ্যত পোহৰলৈ আহিছে বোকাখাতৰ ইষ্টাৰ্ন আছাম ৱাইল্ডলাইফ ডিভিজনৰ বন বিষয়াৰ স্বাক্ষৰ সম্বলিত ব্যয় তালিকা ৷ এই তালিকাত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৪ সংখ্যক গঁড় পিয়লত ব্যয়ৰ তথ্য ৷ এই তথ্য অনুসৰি, গঁড় পিয়লৰ বাবে জীপ ভাড়াত ব্যয় হৈছিল সৰ্বমুঠ ৫ লাখ ৫৬ হাজাৰ টকা ৷ ২৬, ২৭ আৰু ২৮ মার্চত জীপ ভাড়াৰ নামত ব্যয় হৈছিল এই বিশাল পৰিমাণৰ ধন ৷
অন্যহাতে, খাদ্য যোগানৰ নামত গঁড় পিয়লত ব্যয় হৈছিল সৰ্বমুঠ ১৬ লাখ ৭৯ হাজাৰ ২৬০ টকা ৷ বন বিভাগৰ এই তথ্য অনুসৰি, ২৫ মার্চৰ পৰা ২৯ মার্চলৈ খাদ্য যোগানৰ নামত দুটা ভাগত ব্যয় কৰা হৈছিল ১ লাখ ৯৭ হাজাৰ ১০০ টকা আৰু ৭১ হাজাৰ ৬৬০ টকা ৷
লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ ২০২২ বৰ্ষৰ গঁড় গণনাৰ কাম
খাদ্যৰ নামত ২৫ মার্চত ব্যয় হৈছিল ২ লাখ ৪৬ হাজাৰ টকা আৰু ২৬ মার্চত ব্যয় হৈছিল ৫ লাখ ৪৬ হাজাৰ ৫০০ টকা ৷ পেকেট খাদ্যৰ বিনিময়ত ২৮ মার্চত ২ লাখ ১৮ হাজাৰ টকা আৰু ২৯ মার্চত ব্যয় হল এক লাখ ১২ হাজাৰ ৫০০ টকা ৷ একেদৰে ২৭ মার্চৰ এটা ডিনাৰ পাৰ্টিত ব্যয় কৰা হ’ল ২ লাখ ৮৭ হাজাৰ ৫০০ টকা ৷
অন্যহাতে, ২৫ মার্চৰ পৰা ২৯ মার্চলৈ আশ্ৰয়ৰ নামত ব্যয় কৰা হৈছে সৰ্বমুঠ ৩ লাখ ৬৫ হাজাৰ ৩১০ টকা ৷ তদুপৰি প্ৰিন্টিঙৰ নামত ব্যয় হ’ল ৩৭ হাজাৰ ৩৮০ টকা, ষ্টেচনাৰী আৰু অন্যান্য ব্যৱস্থাপনাত ২ লাখ ৪৮ হাজাৰ ৮৫০ টকা আৰু গঁড় পিয়লৰ গণনাকাৰীসকলৰ পাৰিশ্ৰমিকৰ নামত ব্যয় কৰা হ’ল ২ লাখ টকা ৷ অর্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিদিনিয়া গঁড় পিয়লৰ নামত ব্যয় কৰা হ’ল সৰ্বমুঠ ৩০ লাখ ৮৬ হাজাৰ ৮০০ টকা ।
উল্লেখ্য যে, ২৭ মার্চৰ ডিনাৰ পাৰ্টিত ২ লাখ ৮৭ হাজাৰ টকাৰে কি কি খাইছিল গঁড় পিয়লত জড়িত বিষয়া কর্মচাৰীয়ে ? তিনিদিনৰ কার্যসূচীৰ বাবে সৰ্বমুঠ ৫ টা দিনত ১৬ লাখ টকাৰ খাদ্যৰে কিহৰ ভোজমেল চলিছিল কাজিৰঙাৰ গঁড় পিয়লৰ নামত ? এই অভিযোগ জীপাল কৃষক-শ্ৰমিক সংঘৰ ৷ সেয়ে সংবাদ মাধ্যমৰ জড়িয়তে এই বৃহৎ চৰকাৰী ধনৰ সৰাধৰ নিৰপেক্ষ তদন্তৰ দাবী কৰিছে জীপাল কৃষক-শ্ৰমিক সংঘই ।
লগতে পঢ়ক : ঘোষণা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্পন্ন হোৱা গঁড় গণনাৰ ফলাফল