ETV Bharat / state

নুমলীগড় শোধনাগাৰক লৈ বিভিন্নজনৰ প্ৰতিক্ৰিয়া - reaction of nrl worker and student leader after govt decision

নুমলীগড় শোধনাগাৰৰ ব্যক্তিগতকৰণ বাতিলৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে ৷ শোধনাগাৰৰ বাহিৰত তথা ৰাজ্যৰ অন্যান্য প্ৰান্তত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ সংগঠনসমূহে ৷

নুমলীগড় শোধনাগাৰক লৈ বিভিন্নজনৰ প্ৰতিক্ৰিয়া
author img

By

Published : Nov 21, 2019, 7:12 PM IST

গোলাঘাট, 21 নৱেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰাত উৎফুল্লিত হৈ পৰিছে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ সংগঠনসমূহ ৷ গোলাঘাট জিলাত অৱস্থিত তথা অসম আন্দোলনৰ ফচল,নুমলীগড় শোধনাগাৰক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্ত বাতিল কৰাৰ বিষয়ে প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ সীতাৰমণৰ ঘোষণাৰ পিচতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শোধনাগাৰৰ কৰ্মচাৰীসকলে ৷

আছু নেতা নিৰঞ্জন সোণোৱালৰ প্ৰতিক্ৰিয়া

আনহাতে দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল অসমৰ ছাত্ৰ সংগঠনসমূহে ৷ শোধনাগাৰৰ বাহিৰত তথা ৰাজ্যৰ অন্যান্য প্ৰান্তত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ সংগঠনসমূহে ৷ অৱশেষত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণ কৰা নহয় বুলি প্ৰকাশ কৰাৰ পিচতে এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছু নেতা নিৰঞ্জন সোণোৱালে ৷

নুমলীগড় শোধনাগাৰ কৰ্মচাৰীৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে,কেন্দ্ৰীয় চৰকাৰে নুমলীগড় শোধনাগাৰকে ধৰি বহুকেইটা ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰিয়ে লাভজনক উদ্যোগকেইটা ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিব বিচাৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে অসমত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল ৷ অৱশেষত অসমীয়াৰ শক্তিৰ ওচৰত সেও মানি,কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এই সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হয় ৷

লগতে চাওকঃৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ 1951 চন কৰাক লৈ তেজপুৰত প্ৰতিক্ৰিয়া

Intro:গোলাঘাটৰ নুমলীগড় শোধনাগাৰ ব্যক্তিগত কৰন বাতিল কৰাৰ সিদ্ধান্তত উৎফুল্লিত দল,সংগঠন,তথা শোধনাগাৰ বিষয় ববীয়া,কৰ্মচাৰী । কেন্দ্ৰীয় কেবিনেটৰ শোধনাগাৰ ব্যক্তিগত কৰণ প্ৰক্ৰিয়া বাতিল কৰা ঘোষণাৰ পিছতে উৎফুল্লিত নুমলীগড় তথা গোলাঘাট জিলাৰ বিভিন্ন দল সংগঠন । আনন্দিত NRL ৰ বিষয়া কৰ্মচাৰী । কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সিতাৰামনৰ ঘোষণাৰ পিছতে নুমলীগড় বিভিন্ন দল সংগঠন সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কে ধৰি ৱকাৰ্ছ ইউনিয়ন,স্থানীয় লোক সকলো আজি আনন্দিত । কাৰণ শোধনাগাৰ ব্যক্তিগত কৰণৰ কথা ঘোষণা কৰাৰ পিছতে জাঙুৰ খাই উঠিছিল দল সংগঠন সমূহ , সাব্যস্ত কৰিছিল বৃহৎ প্ৰতিবাদী কায্যসূচী । আৰু সেই প্ৰতিবাদত সেও মানি অৱশেষত কেন্দ্ৰীয় কেবিনেটে সলনি কৰিব লগা হল সিদ্ধান্ত। । যাৰ বাবে এতিয়া আনন্দিত হৈ পৰিছে বিভিন্ন দল সংগঠন ,শোধনাগাৰৰ বিষয়া কৰ্মচাৰী সকল ।Body:Byte 1 ,2 3: শোধনাগাৰ বিষয়া কৰ্মচাৰী
Byte 4 : নিৰঞ্জন সোনোৱাল ( আছু নেতা)Conclusion:গোলাঘাট পৰা চামিম আলি ,etv Bharat , অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.