ETV Bharat / state

খুলি দিয়া হৈছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰ

author img

By

Published : Jul 15, 2020, 5:22 PM IST

নীপকো দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাত পানীৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবেই এখন ৰেডিকেল দ্বাৰ খুলি দিয়া হৈছে।

খুলি দিয়া হৈছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰ
খুলি দিয়া হৈছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰ

গোলাঘাট, 15 জুলাইঃ নীপকো দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাত পানীৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবেই এখন ৰেডিকেল দ্বাৰৰ ২৫ ছেন্টিমিটাৰ খুলি দিয়া হৈছে। ইয়াৰ দ্বাৰা প্ৰতি চেকেণ্ডত ৫.৬৪ ঘনমিটাৰ পানী দৈয়াং নদীত পৰিব। দৈয়াং নদীৰ নামনিত সামান্য পানী বৃদ্ধি পাব যদিও শংকাৰ কোনো কাৰণ নাই বুলি জানিবলৈ দিছে নীপকো কৰ্তৃপক্ষই । বান্ধ সুৰক্ষা প্ৰদান কৰিবলৈ ৩২৪ মিটাৰৰ সলনি ৩২১.৫০ মিটাৰ উচ্চতাত অতিৰিক্ত পানী এৰা হৈছে ।

আনহাতে বৰ্তমানো নীপকো দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাত পানীৰ পৰিমাণ বৃদ্ধি হৈ আছে। জনসাধাৰণক সতৰ্ক হ'বৰ বাবে গোলাঘাট জিলা প্ৰশাসনে অনুৰোধ জনাইছে। গোলাঘাট জিলাৰ উপায়ুক্তই নীপকোৰ লগত বিষয়টোৰ সম্পৰ্কে যোগাযোগ কৰি আছে আৰু পৰিস্থিতিৰ প্ৰতি সষ্টম হৈ থাকিবলৈ ৰাজহ চক্ৰ বিষয়াৰ লগতে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ সকলোকে নিৰ্দেশ জাৰি কৰিছে । জনসাধাৰণক আতংকিত নহ'বৰ বাবেও জিলা উপায়ুক্তই আহ্বান জনাইছে।

লগতে চাওকঃ ব্ৰহ্মপুত্ৰৰ পানীত ডুব গ'ল লক্ষ্মী-নাৰায়ণৰ মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.