খুমটাই, 10 ডিচেম্বৰ: দুৰাৰোগ্য কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত বিশেষভাৱে উপযোগী বেঙুনীয়া ধানৰ খেতি কৰি গোলাঘাটৰ এগৰাকী খেতিয়কে চমক সৃষ্টি কৰিছে ৷ জাপানৰ পৰা অনা বীজেৰে নিজৰ পথাৰতেই বেঙুনীয়া ৰঙৰ ধানৰ খেতি কৰি গোলাঘাটৰ খুমটাইৰ 3 নং ভোলাগুৰি গাঁৱৰ বিমান শইকীয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
ইতিমধ্যে ব্যাপক চাহিদা লাভ কৰা এই চাউলবিধৰ খেতি সফলভাৱে কৰাৰ বাবে বিমান শইকীয়াই কঠোৰ শ্ৰম কৰিব লগীয়া হৈছিল ৷ শইকীয়াই জানিবলৈ দিয়ে যে, নানান পদ্ধতি অৱলম্বন কৰি প্ৰথম অৱস্থাত বহুকেইবাৰ বিফল হোৱাৰ অন্তত 2017 চনৰ পৰা তেওঁ ক্ৰমাগত ভাৱে এই ধানৰ খেতি কৰি আহিছে ৷
শইকীয়াই লগতে কয় যে, বিশেষকৈ বেঙুনীয়া ৰঙৰ লগতে যথেষ্ট পৰিমানে প্ৰটিন আৰু অন্যান্য উপাদান সমূহ থকাৰ বাবে এই ধানৰ চাউল কৰ্কট ৰোগত আক্ৰান্ত ৰোগী সকলৰ বাবে বিশেষভাৱে উপযোগী ৷
ইতিমধ্যে শিৱসাগৰ, যোৰহাট, নামৰূপ, টিংখং, কাৰ্বি আংলং আদি ঠাইৰ বহু কৰ্কট আক্ৰান্ত ৰোগীয়ে তেওঁৰ সৈতে যোগাযোগ কৰি এই চাউল ক্ৰয় কৰিছে বুলি শইকীয়াই জানিবলৈ দিয়ে ৷
বৰ্তমান প্ৰতি কেজি বেঙুনীয়া ধানৰ চাউল 200 টকা দৰত বিক্ৰি কৰি অহা বিমান শইকীয়াই উপযুক্ত বজাৰৰ অভাৱত অতি কমকৈ এই ধানৰ খেতি কৰিছে ৷ স্থায়ী বজাৰ লাভ কৰিলে এই ধানৰ খেতি অধিক বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে ৷
লগতে পঢ়ক:বন্দীত্বৰ এটা বছৰ : মুকলি আকাশৰ তললৈ কেতিয়া আহিব অখিল গগৈ