ETV Bharat / state

গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ - সদৌ অসম ছাত্ৰ সন্থা

ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে গোলাঘাটত প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সদস্য সকলে ৷

protest in golaghat against assam govt. by aasu

author img

By

Published : Jul 2, 2020, 3:01 PM IST

গোলাঘাট, 2 জুলাইঃ বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতিৰ বিৰুদ্ধে গোলাঘাট, জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীত দাহ কৰে ভূমি নীতিৰ অধ্যাদেশৰ প্ৰতিলিপি ৷ জাতি, মাটি, ভেটিৰ শ্ল'গান দিয়া অসম চৰকাৰে প্ৰতিমূহুৰ্ততে অসমৰ লোকৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷ তেওঁলোকে কয়, অসম চৰকাৰে ইতিমধ্যেই জাতিৰ অস্তিস্ব সংকটত পেলাইছে, এতিয়া পুনৰ তেওঁলোকে প্ৰস্তুত কৰা ভূমি নীতিও খিলঞ্জীয়া বিৰোধী ৷

প্ৰতিবাদস্থলীত দাহ কৰে ভূমি নীতিৰ অধ্যাদেশৰ প্ৰতিলিপি

এই নীতি ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় বুলি উল্লেখ কৰি অসমৰ ভূমিৰ অধিকাৰ সদায় খিলঞ্জীয়াৰ হাতত থাকিল লাগিব বুলি উল্লেখ কৰে ৷ লগতে ভৱিয্যতে খিলঞ্জীয়া বিৰোধী এনে সিদ্ধান্তৰ পৰা চৰকাৰক আঁতৰি থাকিবলৈ সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷ এনে খিলঞ্জীয়া বিৰোধী নীতিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই সদায় প্ৰতিবাদ কৰি যাব বুলি উল্লেখ কৰে ৷

গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

লগতে পঢ়কঃ ভিন্ন দাবীৰে যোৰহাটত কা-বিৰোধী ঐক্যৰ মঞ্চ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.