গোলাঘাট,২১ ছেপ্টেম্বৰ: গোলাঘাট জিলাৰ নুমলীগড়ৰ অসম বায়’ ৰিফাইনেৰীৰ মুখ্য প্ৰবেশদ্বাৰত ঠিকাদাৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ(Protest in front of Numaligarh Assam Biorefinery) । বহিৰাগত নিৰ্মাণ কোম্পানীয়ে সময়মতে ঠিকাদাৰ সকলক প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ(Contractor association protests in Numaligarh) ।
বুধবাৰে স্থানীয় ঠিকাদাৰ সকলে বহিৰাগত বানচিল আৰু টোৱামেন ইঞ্জিনীয়াৰিং নামৰ দুই কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি সময় মতে কোম্পানী দুটায়ে স্থানীয় ঠিকাদাৰ সকলক প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ উত্থাপন কৰে(Protest at Assam Bio Refinery demanding dues) ।
যাৰ বাবে শ্ৰমিক কৰ্মচাৰী সকলৰ মাজত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে । অৱশ্যে প্ৰতিবাদস্থলীত শোধনাগাৰৰ বিষয়া উপস্থিত হৈ দুদিনৰ ভিতৰত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়াত সাময়িকভাবে প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি মাৰে ঠিকাদাৰ সন্থাই । দুদিনৰ ভিতৰত এই দুই বহিৰাগত কোম্পানীয়ে ঠিকাদাৰ সকলৰ প্ৰাপ্য আদায় নিদিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ।
লগতে পঢ়ক: কাৰ্বি শান্তিচুক্তি পুনৰীক্ষণৰ দাবীত ডিফুত জেচিচিপিৰ সংবাদমেল