ETV Bharat / state

কেব বাতিলৰ দাবীত দ্বিতীয় দিনাও উত্তাল ৰাজ্য

author img

By

Published : Dec 5, 2019, 8:37 PM IST

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জাতীয় সংগঠনৰ আহ্বানত জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে অসমীয়া ৷ অতুল বৰাৰ মন্তব্যত লজ্জিত হৈ টিংখাঙত অগপৰ পৰা ৰাইজৰ সমূহিয়া পদত্যাগ ৷ কেবৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এ আই ইউ ডি এফ ৷ কটন ছাত্ৰ সমাজৰ কেব বিৰোধী ৰণহুংকাৰলৈ বাও গনতান্ত্ৰিক মৰ্চাৰ মুকলি সমৰ্থন ৷

কেব বাতিলৰ দাবীত দ্বিতীয় দিনাও উত্তাল ৰাজ্য
কেব বাতিলৰ দাবীত দ্বিতীয় দিনাও উত্তাল ৰাজ্য

নিউজ ডেস্ক, 5 ডিচেম্বৰঃ পুনৰ ৰাজ্য জ্বলাইছে জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়কে ৷ অসমীয়াই কেব নালাগে বুলি স্পষ্ট কৰি দিয়াৰ পাছতো নিজৰে একাংশ সুবিধাবাদী তথা দিল্লীৰ হাতত জাতি বন্ধকত থোৱা নেতাৰ ক্ষমতা খকৰ সুবাদতে কেন্দ্ৰীয় চৰকাৰে পুনৰ অসমীয়াৰ ওপৰত জাতি ধংসী কেব জাপি দিব বিচৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰেও প্ৰতিবাদমুখৰ হৈ উঠিল ৰাজ্য ৷ বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটছাকে, আদি কৰি বিভিন্ন জাতীয় দলসংগঠনৰ প্ৰতিবাদত উত্তাল হৈ উঠিল ৰাজ্যৰ বিভিন্ন অঞ্চল ৷

কেবৰ বিৰুদ্ধে গোলাঘাটত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গোলাঘাট চহৰৰ বিভিন্ন অঞ্চলত কেব বাতিলৰ দাবীত চৰকাৰ বিৰোধী শ্লগানেৰে আকাশ বতাহ কপাই তুলিলে সদৌ অসম ছাত্ৰ সন্থাই ৷ মৰঙী আৰু ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে এই প্ৰতিবাদ ৷ আনহাতে গোলাঘাটত কেবৰ বিৰুদ্ধে ৰাজপথত নামিল সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা ৷ সংগঠনটোৱে কেব বাতিল কৰক, অমিত শ্বাহ নিপাত যাওক শ্লগানেৰে পুৰাবাংলাত 39 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দাহ কৰিলে নৰেন্দ্ৰ মোদী, অমিত শাহ,সৰ্বানন্দ সোণোৱাল,অতুল বৰাৰ পুত্তলিকা ৷ একেদৰে খুমটাইটো পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই কেবৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ কৰি তুলিলে বৃহত্তৰ খুমটাই অঞ্চল ৷

মৰঙিত আছুৰ বিক্ষোভ কাৰ্যসূচী

গোলাঘাটৰ লগতে কেবৰ বিৰোধিতাৰে ওদালগুৰিৰ টালাংতো আছুৱে ৰূপায়ন কৰিলে গণবিক্ষোভ কাৰ্যসূচী ৷ কেইবাশতাধিক লোক আৰু স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই গণবিক্ষোভ কাৰ্যসূচীত অংশলৈ প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে কেব বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাক সকীয়নি প্ৰদান কৰাৰ লগতে আৰ এছ এছ বিজেপিৰ অসম ধংস মিছন সফল হবলৈ নিদিয়ে বুলি মন্তব্য কৰে ৷ বৰপেটাতো জাতিধংসী বিধেয়ক পুনৰ গৃহীত কৰাৰ কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বৰপেটা আছুৰ চেঙা আঞ্চলিক সমিতি ৷ কেব বাতিলৰ দাবীত চেঙাস্থিত শ্বহীদ ভৱন প্ৰাংগণত পুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ চেঙা আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰিলে দুঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৷

টংলাত আছুৰ বিশাল প্ৰতিবাদ

কেৱল ব্ৰক্ষ্মপুত্ৰ উপত্যকাই নহয় বৰাকৰ হাইলাকান্দিতো কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ সংগঠনটোৱে হাইলাকান্দি পুৰনি হাস্পতাল ৰোডত গৃহ মন্ত্ৰী অমিত শাহৰ পুত্তলিকা দাহ কৰি অতি শীঘ্ৰে কেব বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সকীয়নি প্ৰদান কৰে ৷ যোৰহাটতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে টাই আহোম ছাত্ৰসন্থা, চুতীয়া ছাত্ৰসন্থা, মহিলা কংগ্ৰেছ আৰু যোৰহাট উকিল সন্থাই ৷ সংগঠন কেইটাই অতি শীঘ্ৰে কেব বাতিল কৰিবলৈ কেন্দ্ৰ চৰকাৰক দাবী জনোৱাৰ লগতে কেব জাপি দিয়া কাৰ্য কোনো কাৰণত সমৰ্থনযোগ্য নহয় বুলি মন্তব্য কৰে ৷

ইফালে কেবক লৈ অগপ সভাপতি অতুল বৰাৰ নিলৰ্জ্জ মন্তব্যৰ পাছত এতিয়া খহনীয়া আৰম্ভ হৈছে অসম গণ পৰিষদত ৷ কোনো মতে হে অস্তিত্ব বৰ্তাই ৰখা দলটোৱে বুধবাৰে অতুল বৰাৰ কেব সমৰ্থনৰ পাছত দলৰ পৰা সমূহীয়া পদত্যাগ কৰিলে টিংখাং আঞ্চলিক সমিতিয়ে ৷ টিংখাং আঞ্চলিক সমিতিৰ সভাপতি ডিম্বেশ্বৰ শৰ্মা, সম্পাদক অজিত গগৈসহ দলৰ বিষয়ববীয়া সকলে টিংখাং সাহিত্য সভা ভৱনত এখন সংবাদ মেল অনুস্থিত কৰি দলৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মাত মাতি অসমৰ ৰাইজক চৰম পতাৰণা কৰাৰ লগতে ৮৫৫ জন ছহীদক চুড়ান্ত অপমান কৰিলে বুলি কৈ দল ত্যাগ কৰা বুলি মন্তব্য কৰি কেবৰ বিৰুদ্ধে ৰাইজৰ লগত থাকিব বুলি নিজৰ স্থিতি স্পষ্ট কৰে ৷

বৰপেটাত গুৱাহাটীত কৃষক মুক্তিৰ কেব বিৰোধী প্ৰতিবাদত যোগদান কৰিবলৈ যোৱা 20 গৰাকী কৃষক মুক্তিৰ সদস্যত গ্ৰেপ্তাৰ কৰিলে বৰপেটাৰ আৰক্ষীয়ে ৷ গুৱাহাটীলৈ গৈ থকা অৱস্থাতে অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে কৃষক মুক্তিৰ সদস্য সকলক ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ধুমাৰকুৰৰ পৰা আটক কৰি হাউলী থানাত আৱদ্ধ কৰি ৰাখে৷ গণতন্ত্ৰক সন্মান জনাই শান্তিপূৰ্ণ ভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গণধৰ্ণা কাৰ্যসূচীলৈ গৈ থকা সময়ত এইদৰে অগণতান্ত্ৰিক ভাৱে আটক কৰাত ক্ষোভিত হৈ পৰিছে কৃষক মুক্তিৰ সদস্য সকল ৷ ইফালে হিন্দু মুছলমানক ভাগ কৰি বিজেপিয়ে যি বিভাজনৰ ৰাজনীতি কৰি আছে সেয়া আৰু বেছিদিন নচলিব বুলি উল্লেখ কৰি বিজেপিৰ পতন অনিবাৰ্য বুলি সাংবাদিকৰ আগত মন্তব্য কৰিলে আটকাধীন সদস্য সকলে ৷

কটন ছাত্ৰ সমাজৰ কেব বিৰোধী ৰণহুংকাৰলৈ বাও গনতান্ত্ৰিক মৰ্চাৰ মুকলি সমৰ্থন

অহা শুকুৰবাৰে কটন ছাত্ৰ সমাজে গুৱাহাটীত আয়োজন কৰা খিলঞ্জীয়াক শেষ কৰিব খোজা কেব বিৰোধী ৰণহুংকাৰ কাৰ্যসূচীলৈ মুক্ত সমৰ্থন আগবঢ়াইছে অসম বাও গণতান্ত্ৰিক মৰ্চা আৰু এছ এফ আইয়ে ৷ গুৱাহাটীত এক সংবাদমেল আয়োজন কৰি এছ এফ আইৰ সাধাৰণ সম্পাদক নিৰঙ্কুশ নাথে ৰাইজক আহ্বান জনায় কয় যে কেব গৃহীত হোৱাৰ পিছতো সমগ্ৰ অসমৰ জনগণই এই অসংবিধানিক বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ অব্যাহত ৰাখিব ৷ লগতে তেও 6 ডিচেম্বৰত কটন ছাত্ৰ সমাজে আয়োজন কৰা ৰণহুংকাৰ কাৰ্যসূচীলৈ মুক্ত সমৰ্থন আগবঢ়াই ৰাইজক অংশ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই ৷

আনহাতে কেবৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে নেচনেল পিপলচ পাৰ্টিৰ অসম শাখাই ৷ গুৱাহাটীত এক সংবাদমেল আয়োজন কৰি সংগঠনটোৱে সাংবাদিকৰ আগত তেওঁলোকৰ দলে কেবৰ বিৰুদ্ধে মাত মাতি যাব বুলি মন্তব্য কৰে ৷ একেদৰে কেবৰ বিৰুদ্ধে আদালতৰ মজিয়ালৈ যাবলৈ সাজু হৈছে এ আই ইউ ডি এফ ৷ বৃহস্পতিবাৰে সাংবাদিকৰ আগত এই মন্তব্য কৰিলে দলটোৰ বিধায়ক আব্দুৰ ৰহিম আজমলে । তেওঁ কয় যে কেবৰ ফলত অসমৰ শান্তি বিনষ্ট হ'ব ৷

আৰু পঢ়ক: উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

Intro:গোলাঘাট ৰ ভিন্ন স্থানত সদৌ অসম ছাত্ৰ সন্থা সহ বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ । চৰকাৰ বিৰোধী শ্ল'গানে কঁপাই তোলে আকাশ বতাহ ।
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত উত্তাল ৰাজ্য । কেন্দ্ৰীয় কেবিনেটত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতে প্ৰতিবাদৰ জুই জ্বলিছে ৰাজ্যত । সমান্তৰাল ভাৱে গোলাঘাটতো সদৌ অসম ছাত্ৰ সন্থাৰ মৰঙী আঞ্চলিক আৰু ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাইয়ো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানে কঁপাই তোলে সমগ্ৰ অঞ্চল। ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ অসম চাহ জনজাতি ছাত্র সন্থা (স্বতন্ত্ৰ) মৰঙি আঞ্চলিক সমিতিয়ে পুৰাবাংলাৰ 39 নং ৰাষ্ট্রীয় ঘাইপথত নৰেন্দ্ৰ মোদী, অমিত শাহ,সৰ্বানন্দ সোণোৱাল,অতুল বৰা, পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে l সৰ্বানন্দ সোণোৱালৰ কাম নাই , জাতিধ্ব‌‌‌‍‌‌ংশী বিধেয়ক আমি নামানো, সৰ্বানন্দ সোণোৱাল হাই হাই, কেন্দ্ৰীয় চৰকাৰ কাম নাই আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ l অতি শীঘ্ৰে যদি চৰকাৰে এই আইন বাতিল নকৰে তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।Body:Byte 1 : নেতা (সদৌ অসম চাহ জনজাতি ছাত্র সন্থা (স্বতন্ত্ৰ) )
Byte 2 : আছু নেতা Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.