গোলাঘাট , 2 অক্টোবৰঃ গোলাঘাট জিলাৰ বোকাখাতৰ লখৌজানত মংগলবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ গঁড়ৰ চোৰাং চিকাৰী আৰু অবৈধ অস্ত্ৰ সৰবৰাহকাৰীয়ে দাৰে ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰে আৰক্ষী বিষয়াক ৷ ঘটনাৰ বিৱৰণী মতে কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজ্যোতি গগৈয়ে অসামৰিক পোচাকত এটা আৰক্ষীৰ দলৰ সৈতে তিনিটা চোৰাং চিকাৰীৰ সৈতে অসামৰিক পোচাকত অস্ত্ৰ ক্ৰয়-বিক্ৰয়ৰ বিষয়ে আলোচনা কৰিবৰ বাবে গৈছিল ৷ কিন্তু কথা বাৰ্তা চলি থাকোঁতেই চোৰাং চিকাৰী কেইটাই ময়ুৰজ্যোতি গগৈক আৰক্ষীৰ মানুহ বুলি জানিব পাৰি পিছফালৰ পৰা চোকা দাৰে ঘপিয়াই পলায়ন কৰে ৷ গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰো এই অভিযানত গৈছিল যদিও দলটোৰ আন সকল সদস্যৰ সৈতে ঘটনাস্থলী কিছু দূৰৈত আছিল আৰক্ষী বিষয়াজন ৷ উল্লেখ্য যে, ঘটনা সন্দৰ্ভত এতিয়ালৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই গোলাঘাট আৰক্ষীয়ে ৷ বুধবাৰে পুৱা আঘাতপ্ৰাপ্ত আৰক্ষী বিষয়াজনক গোলাঘাটৰ চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হয় । আৰক্ষীয়ে চোৰাং চিকাৰীৰ পৰা এটা থ্ৰি নট থ্ৰি বন্দুক আৰু ৯ জাই গুলী জব্দ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়কঃৰাজ্যজুৰি উদযাপন অসম আৰক্ষী দিৱস