বোকাখাত, 9 জুলাই : বোকাখাতত বৃহস্পতিবাৰে চোৰাং চিকাৰীৰ সন্দেহত এগৰাকী লোকক আটক কৰিছে বোকাখাত আৰক্ষীয়ে (Bokakhat Police) ৷ বোকাখাত আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে চোৰাং চিকাৰীৰ সন্দেহত আটক কৰা লোক জনৰ নাম দুলাল দলে ৷ লোকজনৰ পৰা বন্য জীৱ-জন্তুৰ অংগ প্ৰতংগও জব্দ কৰিছে বোকাখাত আৰক্ষীয়ে (Bokakhat Police) ৷
দুলাল দলেক আটক কৰি বোকাখাত আৰক্ষীয়ে (Bokakhat Police) বোকাখাতৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ স্থানান্তৰ কৰে । এক গোপন সূত্ৰৰ পম খেদি বোকাখাত পানবাৰীৰ পৰা আটক কৰা হয় চোৰাং চিকাৰী দুলাল দলেক ৷ বন্য জীৱ-জন্তুৰ অংগ প্ৰতংগ সৰবৰাহৰ লগত দুলাল দলে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীৰ লগতে বন বিভাগে ৷
তদুপৰি গঁড় হত্যা লগতো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে ৷ বৰ্তমান অধিক তথ্যৰ বাবে আটকাধীন দুলাল দলেক জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :অসমত যোগী আদিত্য নাথ চৰকাৰৰ ৰাজ হ'বলৈ গৈ আছে : অখিল গগৈ