ETV Bharat / state

গহপুৰ আৰক্ষীৰ জালত দুধৰ্ষ গঁড় চিকাৰী

গহপুৰৰ দুধৰ্ষ গঁড় চিকাৰী লীলা দলেক কমাৰগাঁও আৰক্ষীৰ গ্ৰেপ্তাৰ ৷ চোৰাং চিকাৰীটোক গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত আৰক্ষীৰ ৷

author img

By

Published : Sep 11, 2020, 5:31 PM IST

poacher arrested at golaghat
আৰক্ষীৰ জালত দুধৰ্ষ গঁড় চিকাৰী

গোলাঘাট,11ছেপ্তেম্বৰঃ কমাৰগাঁও আৰক্ষীৰ বৃহৎ সাফল্য। বছৰটোৰ তৃতীয়টো গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম। ইটোৰ পিছত সিটো গঁড় চিকাৰীক অতি কৌশলেৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কমাৰগাঁও আৰক্ষী। এইবৰ্ষত গহপুৰৰ পৰা তৃতীয়টো গঁড় চিকাৰী লীলা দলেক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ২০০৮ চনৰ পৰা গঁড় চিকাৰৰ লগত জড়িত হৈ পূৰ্বতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ বহুবাৰ জেল হাজোতলৈ যোৱা গহপুৰৰ দুধৰ্ষ গঁড় চিকাৰী লীলা দলেক কমাৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীৰ জালত দুধৰ্ষ গঁড় চিকাৰী

উল্লেখ্যযোগ্য যে, কিছুদিনৰ পূৰ্বে লহৰে চাপৰিৰ পৰা এটা অৰুণাচলী গঁড় চিকাৰী কাকাম ইক'ক গ্ৰেপ্তাৰ কৰাৰ পাছত গঁড় চিকাৰীৰ ভাষ্যৰ ভিত্তিত গহপুৰৰ পৰা দেবজিৎ নামৰ আন এটা গঁড় চিকাৰীক কমাৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এই দুই দুধৰ্ষ চোৰাংচিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত গঁড় চিকাৰী লীলা দলেক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দুধৰ্ষ চিকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছিল আৰক্ষীয়ে। অৱশেষত কমাৰগাঁও আৰক্ষীয়ে গহপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল লীলা দলেক। ইতিমধ্যে কমাৰগাঁও আৰক্ষীয়ে চোৰাং চিকাৰীটোক গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

poacher arrested at golaghat
আৰক্ষীৰ জালত দুধৰ্ষ গঁড় চিকাৰী

লগতে পঢ়কঃ বন বিভাগৰ অভিযানত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.