ETV Bharat / state

শ্ৰীলংকাৰ নৰসংহাৰৰ নিহতৰ স্মৃতিত উচুপি উঠিল গোলাঘাটবাসী - Golaghat Pay Tribute

দেওবাৰে নিশাৰ ভাগত গোলাঘাটৰ খুমটাই অনুষ্ঠিত হৈ যায় এক স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ শ্ৰীলংকাত সংঘটিত নৰসংহাৰত নিহতসকলৰ স্মৃতিত স্থানীয় বুটলিখোৱা ৰঞ্জিত ক্লাৱে অনুষ্ঠিত কৰে প্ৰাৰ্থনা সভা ৷

স্মৃতিচাৰণ ও শ্ৰদ্ধাঞ্জলী অনুষ্ঠান
author img

By

Published : Apr 29, 2019, 12:47 PM IST

খুমটাই, 29 এপ্ৰিলঃ শ্ৰীলংকাৰ নৰসংহাৰক তীব্ৰ ভাষাৰে গৰিহণা গোলাঘাট খুমটাইবাসীৰ ৷ বিগত 21 এপ্ৰিলত পবিত্ৰ ইষ্টাৰ ছানডেত আইছিছ সন্ত্ৰাসবাদীয়ে গীৰ্জাঘৰ আৰু হোটেলত সংঘটিত কৰা ধাৰাবাহিক আত্মঘাতী বিস্ফোৰণৰ ঘটনাক স্মৰণ কৰি উচুপি উঠে স্থানীয় ৰাইজ ৷

স্মৃতিচাৰণ ও শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

স্থানীয় বুটলিখোৱা ৰঞ্জিত ক্লাৱে আয়োজন কৰা স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বহুসংখ্যক লোক ৷ প্ৰভু যীশুক ন্যায় বিচাৰি সমূহীয়া প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰাৰ লগতে মম জ্বলাই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷ আনহাতে অনুষ্ঠানৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্ৰী লংকাত হোৱা নৰসংহাৰত ভুক্তভোগী সকলক ন্যায় আৰু দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাই গোলাঘাট উপায়ুক্তৰ জড়‍িয়তে‍ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

Golaghat 29.04.2019
SLUG : GOLAGHAT PRAY FOR SRILANKA
A_GLT_801_29APRIL_GOLAGHAT_PRAY_FOR_SRILANKA_VISUAL_BYTE_DIGANTA_SAHU
O.C. : গোলাঘাটত শ্ৰীলংকা নৰসংহাৰৰ প্ৰার্থনাত কান্দোনৰ ৰোল৷ নেদেখা জনক স্মৰণ কৰি‍ প্ৰার্থনা মাজতে কান্দি উঠিল মহিলা পুৰুষ৷যোৱা ২১ এপ্ৰিলত গীর্জাঘৰ আৰু হোটেলত আইছি‍ছ সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটাই হত্যা কৰিছিল প্ৰায় চাৰিশ লোক৷ ইয়াৰ মাজত লক্ষ্য হিচাপে লোৱা হৈছিল খ্ৰীষ্টান ধর্মালম্বীলোকক৷ইষ্টাৰ চানদেইত গীর্জাত প্ৰার্থনা কৰি থকা সময়ত বোমা বিস্ফোৰণ ঘটাইছিল সন্ত্ৰাসবাদীয়ে৷বিশ্ব জুৰী কান্দোনৰ ৰোল উঠিছিল এই নির্মম হত্যাযজ্ঞক লৈ৷ বর্তমানেও ভাৰততো উমি‍ উমি জ্বলি আছে এই হত্যাৰ প্ৰতিবাদ৷ বাধ্যত সংখ্যালঘু লোকৰ সুৰক্ষাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰার্থনা খ্ৰীষ্টান ধর্মালম্বী লোকৰ৷ প্ৰার্থনাত ন্যায় বিচাৰি কান্দোন পুৰুষ মহিলাৰ৷ এচিয়াৰ সংখ্যালঘু খ্ৰীষ্টান ধর্মালম্বী লোকসকলৰ সুৰক্ষা প্ৰদানৰ বাবে‍ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ৷
V.O. : যোৱা ২১ এপ্ৰিলত আইছিছ সন্ত্ৰাবাদীয়ে শ্ৰীলংকাত এক বিশেষ ধর্মৰ লোকক লক্ষ্য কৰি আক্ৰমণ কৰাক লৈ বিশ্বজুৰী তোলপাৰ লাগি থকাৰ সময়ত, ভাৰতৰ খ্ৰীষ্ট ধর্মলোকৰ মাজতো দেখা গৈছে উদাৰতা৷ সন্ত্ৰাসবাদীৰ বর্বৰ আক্ৰমণত ভোক্তভোগীসকলৰ সুৰক্ষা আৰু মৃত সকলৰ আত্মাৰ সদগতি কামনা কৰি এক প্ৰার্থনা সভাৰ আয়োজন কৰে খুমটাইৰ বুটলিখোৱা ৰঞ্জিত ক্লাৱে৷ প্ৰার্থনাৰ মাজত দেখা গ"ল প্ৰকৃত মানৱতা৷ প্ৰার্থনা কৰি থকাৰ সময়ত বর্বৰ আক্ৰমক লৈ হুক-হুকাই কান্দি পৰিল পুৰুষ মহিলা সকল৷ প্ৰভূ যিচুক ন্যায় বিচাৰি চিঞৰি চিঞৰি‍ মুকলি আকাশৰ তলত কান্দি কান্দি প্ৰার্থনা কৰি শান্তি, সন্ত্ৰাস নির্মূলৰ আহ্বান৷ এচিয়া মহাদেশত ধর্ম সংখ্যালঘু হিচাপে পৰিচিত খ্ৰীষ্টান ধর্মালম্বী লোকৰ সুৰক্ষাৰ বাবে এক সুকীয়া ব্যৱস্থা কৰাৰ দাবী ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ৷ বিশ্বৰ এগৰাকী প্ৰভাৱশালী প্ৰধানমন্ত্ৰী হিচাপে হিচাপে পৰিচিত নৰেন্দ্ৰ মোদীক শ্ৰী লংকাত হোৱা নৰসংহাৰত ভোক্তভোগী সকলক ন্যায় দি‍য়াবলৈ‍ আৰু দোষীক উচিত শাস্তি প্ৰদানৰ বাবে‍ এক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই গোলাঘাট উপায়ুক্তৰ জড়‍িয়তে‍ স্মাৰক পত্ৰ প্ৰদান কৰে৷ খুমটাই ৰঞ্জিত ক্লাৱ খেলপথাৰত আয়োজন কৰা প্ৰার্থনা সভাত অংশগ্ৰহণ কৰে‍ সর্বধর্মালম্বী লোকে৷
Byte 1: মহিলা৷
Byte 2: যুৱক৷
গোলাঘাট পৰা দিগন্ত চাহুৰ ৰি"পর্ট, ইটিভি‍ ভাৰত অসম৷

ভিজুৱেল বাইট mojoত গ"ল৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.