ETV Bharat / state

বন্য হস্তীৰ উপদ্ৰৱ :গুলী চলাবলৈ বাধ্য হ’ল বনকৰ্মী - People are suffering from insecurity

বিগত দুমাহে সমগ্ৰ নুমলীগড় আৰু বৃহত্তৰ মৰঙী অঞ্চলৰ খেতি পথাৰত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে এটা হাতীৰ জাকে ৷ বৃহস্পতিবাৰে এই হাতী জাকটোক নিৰাপদ স্থানলৈ খেদি পঠাবলে বন কৰ্মীৰ এটা সজাতি দ'লে আপ্ৰাণ চেষ্টা চলায় যদিও খেদি পঠিয়াবলৈ সক্ষম নহয় ৷

People are suffering from insecurity due to elephen attack
বন্য হস্তীৰ তাণ্ডপত নিৰাপত্তাহীনতাত ভুগিছে জনাঞ্চল
author img

By

Published : Dec 10, 2020, 8:08 PM IST

গোলাঘাট, 10 ডিচেম্বৰ : গোলাঘাট জিলাৰ নুমলীগড়ত অব্যাহত আছে বানৰীয়া হাতীৰ তাণ্ডৱ ৷ কিয়নো নুমলীগড়ৰ দাঁতিকাষৰীয়া অঞলত যোৱা কেইবাদিনৰ পৰা খাদ্য সন্ধানত আশ্ৰয় লৈ আছে এজাক বনৰীয়া হাতীয়ে ৷

স্থানীয় ৰাইজে সদৰি কৰা অনুসৰি বিগত দুটা মাহে সমগ্ৰ নুমলীগড় আৰু বৃহত্তৰ মৰঙী অঞ্চলৰ খেতি পথাৰত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে হাতীৰ জাকটোৱে ৷ তদুপৰি খাদ্য সন্ধানত নিশাৰ ভাগত হাতীৰ জাকটোৱে জনাঞ্চলতো প্ৰৱেশ কৰে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷

বন্য হস্তীৰ তাণ্ডৱত নিৰাপত্তাহীনতাত ভুগিছে জনাঞ্চল

ইফালে, বৃহস্পতিবাৰে এই হাতী জাকটোক নিৰাপদ স্থানলৈ খেদি পঠাবলৈ আপ্ৰাণ চেষ্টা চলায় বন কৰ্মীৰ এটা সঁজাতি দলে ৷ সামান্তৰালভাৱে বন্য হস্তী জাকটোক খেদিবলৈ বন কৰ্মী দ'লটোৱে কেইবা জাই গুলী ফোটাই যদিও খেদি পঠিয়াবলৈ সক্ষম নহয় ৷

উল্লেখ্য যে, বৰ্তমান এই বন্য হস্তীৰ জাকটোৰ বাবে নিৰাপত্তাহীনতাত ভুগিছে নুমলীগড়,মৰঙীৰ লগতে কেইবাটাও অঞ্চলৰ ৰাইজ ৷

লগতে পঢ়ক: টিটেনাছ প্লাছ টীকাকৰণ অভিযান সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনৰ আলোচনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.