ETV Bharat / state

Khumtai Electricity Sub Station: খুমটাইত বিদ্যুৎ বিভাগৰ ভয়ংকৰ কাণ্ড; যিকোনো মুহূৰ্তত ঘটিব পাৰে অঘটন

author img

By

Published : Nov 2, 2022, 9:27 AM IST

গোলাঘাট জিলাৰ খুমটাইত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে পশুধন, শিশু, সাধাৰণ লোকৰ প্ৰাণ যোৱাৰ আশংকা । খুমটাইৰ কেপ্তেইন জিন্টু গগৈ পথৰ দাঁতিত অৱস্থিত বিদ্যুৎ বিভাগৰ কন্ট্ৰ'ল ৰূমৰ দুৰৱস্থাই আতংকিত কৰিছে সকলোকে (Khumtai Electricity Sub Station)।

Khumtai Electricity Sub Station
খুমটাইত বিদ্যুৎ বিভাগৰ ভয়ংকৰ কাণ্ড

গোলাঘাট, 2 নৱেম্বৰ : গোলাঘাট জিলাৰ খুমটাইত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বিপদৰ আশংকা । খুমটাইৰ কেপ্তেইন জিন্টু গগৈ পথৰ(Captain Jintu Gogoi road) দাঁতিত অৱস্থিত বিদ্যুৎ বিভাগৰ কন্ট্ৰ'ল ৰূমৰ দুৰৱস্থাই আতংকিত কৰিছে সকলোকে । কোনো আঁৰ-বেৰ নথকাকৈ কন্ট্ৰ’ল ৰূমটোৰ চৌহদত উচ্চ ক্ষমতা সম্পন্ন বহু ট্ৰেন্সফৰ্মাৰ কাৰ্যকৰী হৈ আছে ৷

জিলাখনৰ ভিতৰতে বহু পুৰণি কন্ট্ৰ’ল ৰূমটোৰ(Khumtai 33 KV Sub Station) পূৰ্বতে চৌহদৰ চাৰিওফালে বেৰ আছিল যদিও প্ৰায় দহ বছৰে চৌহদৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে । চৌহদটোত আৱৰি ৰাখিবৰ বাবে উপযুক্ত ফেঞ্চিং তথা সুৰক্ষা ব্যৱস্থা নথকাত বিপদৰ আশংকা কৰা হৈছে । ইয়াৰ উপৰিও চৌহদটো হাবি-বনেৰে আৱৰি ধৰিছে । বিদ্যুৎ বিভাগৰ কন্ট্ৰ’ল ৰূমটোৰ কাষতে আছে চাহ বাগিচা অঞ্চলৰ বহু বাসস্থান ।

খুমটাইত বিদ্যুৎ বিভাগৰ ভয়ংকৰ কাণ্ড

গতিকে কণকণ ল’ৰা-ছোৱালীয়ে কন্ট্ৰ’ল ৰূমটোৰ কাষৰ মুকলি ঠাই টুকুৰাত খেলা-ধূলা কৰি হঠাৎ বিপদসংকুল স্থানত সোমাই যোৱাৰ আশংকা কৰা হৈছে । উল্লেখ্য যে, কন্ট্ৰ’ল ৰূমটোৰ নিচেই কাষতে বুধবৰীয়া সাপ্তাহিক বজাৰখনো বহে । গতিকে জনবহুল এই স্থানৰ ক্ষেত্ৰতো বিপদৰ আশংকা কৰা হৈছে । প্ৰায় 50 বছৰ পুৰণি কন্ট্ৰ’ল ৰূমটোৱে পূৰ্বতে গোলাঘাট জিলাৰ বিভিন্ন স্থানত বিদ্যুৎ বিতৰণ কৰা মুখ্য কেন্দ্ৰ আছিল(Khumtai Electricity Sub Station) ।

বৰ্তমান বৃহত্তৰ খুমটাই, শাঁওতলী, কচুপথাৰ, বাদুলিপাৰ, বনগাঁও, ৰঙামাটি, সেন্দুৰিটিং আদি অঞ্চলত বিদ্যুৎ যোগান ধৰা হয় উক্ত কণ্ট্ৰ’ল ৰূমটোৰ পৰাই । তথাপিও উক্ত কেন্দ্ৰটোক বিপদমুক্ত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিদ্যুৎ বিভাগ । ইয়াৰ উপৰিও চৌহদৰ ভিতৰত অৱস্থিত কেইবাটাও আৱাসগৃহ পৰিতক্ত অৱস্থাত আছে । কাৰ্যালয়টোত কৰ্মচাৰী নিয়োজিত হৈ আছে যদিও তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে চৌহদটো থকা বিভাগীয় আৱাস গৃহসমূহ ৷ কিয়নো হাবি-বনেৰে আগুৰি থকা বিভাগীয় আৱাস গৃহসমূহ জহি-খহি গৈ পৰিত্যক্ত ৰূপ লৈছে ।

যি সময়ত ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহ পুনৰ নিৰ্মাণ কৰি অত্যাধুনিক কৰা হৈছে, সেই সময়ত বিদ্যুৎ বিভাগৰ এই পয়ালগা স্বৰূপে সাধাৰণ জনতাক সচকিত কৰি তুলিছে । উক্ত কেন্দ্ৰটো উন্নত হোৱাৰ ওপৰিও সুৰক্ষিত হ’ব লাগিছিল যদিও তেনে হোৱা পৰিলক্ষিত নহ’ল। এক প্ৰকাৰে ক’ব পাৰি বিদ্যুৎ বিভাগৰ লগত জড়িত বিপদ, সাৱধান এই দুটা শব্দক যেন ধোঁৱাচাঙত তুলিলে অসম চৰকাৰৰ বিদ্যুৎ বিভাগে (Negligence of APDCL at Khumtai)।

অঞ্চলটোৰ সচেতন লোকসকলৰ আহ্বান, সময় থাকোতেই বিভাগে ব্যৱস্থা গ্ৰহণ কৰি নিজা গাফিলতিসমূহ আঁতৰাই কন্ট্ৰ’ল ৰূমটোৰ চৌহদ বিপদমুক্ত কৰক ।

লগতে পঢ়ক : Man kills wife: ৰূপহীহাটত স্বামীয়ে ঘপিয়াই হত্যা কৰিলে পত্নীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.