ETV Bharat / state

পথ মেৰামতিৰ দাবীত ভুঁই ৰুই প্ৰতিবাদ সাব্যস্ত দেৰগাঁওবাসীৰ - দেৰগাঁও

পৰিৱৰ্তনকামী চৰকাৰৰ উন্নয়নে স্পৰ্শ কৰিব নোৱাৰা গোলাঘাটৰ দেৰগাঁৱৰ এটা পথ । পথটোৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিছে অঞ্চলবাসীয়ে । বাৰে বাৰে স্থানীয় বিধায়কক অৱগত কৰাৰ পিছতো বৰ্তমানো সঁহাৰি পোৱা নাই ৰাইজে । সেয়ে ক্ষোভিত ৰাইজে পথত ভুঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ ।

pathetic condition of Dergaon road
পথ মেৰামতিৰ দাবীত ভুঁই ৰুই প্ৰতিবাদ সাব্যস্ত দেৰগাঁওবাসীৰ
author img

By

Published : Jul 15, 2020, 2:13 PM IST

গোলাঘাট, 15 জুলাই : বৰ্তমানো উন্নয়নৰ মুখ নেদেখা গোলাঘাট জিলাৰ দেৰগাঁও সমষ্টিৰ কাকডোঙা অঞ্চলৰ এটা পথ । মুক্তিযোদ্ধা ভদীয়া কলিতা নামেৰে নামাকৰণ কৰা এই পথটোত বুধবাৰে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । উল্লেখ্য যে, এই গুৰুত্বপূৰ্ণ পথটো বহু দিন ধৰি বিধ্বস্ত হৈ থকাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে অঞ্চলবাসীয়ে ।

চৰকাৰ আৰু জনপ্ৰতিনিধিৰ ভুৱা প্ৰতিশ্ৰুতিত অতিষ্ঠ হৈ অৱশেষত ৰাইজে পথত ভুঁই ৰুই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হয়। ইয়াৰোপৰি, বৃহত্তৰ এলেকাটোৰ কুমাৰগাঁও, নগঞা, কছলিয়াকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে এই পথটোৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ আহিছে । শেহতীয়াকৈ হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত পথটোৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰে ।

পথ মেৰামতিৰ দাবীত ভুঁই ৰুই প্ৰতিবাদ সাব্যস্ত দেৰগাঁওবাসীৰ

বিশেষকৈ সাধাৰণ ৰাইজৰ লগতে ব্যৱসায়ী, শিক্ষাৰ্থী, ৰোগীসকলে অহা-যোৱা কৰাৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হৈছে । বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কোনো এখন আঁচনিয়ে পথটো উন্নয়ন কৰি জনজীৱনলৈ পৰিৱৰ্তন আনিব নোৱাৰিলে । সেইবাবে গাঁওবাসীয়ে ক্ষোভিত হৈ এনেদৰে সাব্যস্ত কৰে। পথটো মেৰামতিৰ বাবে অঞ্চলবাসীয়ে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালীক বহুবাৰ অৱগত কৰাৰ পিছতো কোনো ধৰণৰ সুফল লাভ নকৰিলে বুলি স্থানীয় ৰাইজে সদৰি কৰে এই কথা । অতি শীঘ্ৰেই এই শোচনীয় পথটো মেৰামতিৰ বাবে চৰকাৰক দাবী জনাইছে অঞ্চলবাসীয়ে ।

লগতে পঢ়ক : ভয়াৱহ দিশে ৰাজ্যৰ বান পৰিস্থিতিঃ 33 লাখ লোক বানৰ কবলত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.