ETV Bharat / state

সাহিত্য মনিষী উপবন উদ্বোধন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ - ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা

ৰাজ্যৰ বিভিন্ন জিলাত স্থাপন হ’ব প্ৰায় 24 খন সাহিত্য মনিষী উপবন ৷ সেই অনুসৰি ৰাজ্যৰ তৃতীয়খন উপবনৰ শুভাৰম্ভ কৰা হয় গোলাঘাট জিলাত ৷ উক্ত উপবনৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷

Parimal Suklabaidya opening sahitya manishi park golaghat assam etv bharat news
সাহিত্য মনিষী উপবনৰ শুভাৰম্ভ
author img

By

Published : Jul 31, 2020, 12:48 PM IST

গোলাঘাট,31 জুলাই : ভৱিষ্যত প্ৰজন্মৰ সুবিধাৰ্থে ৰাজ্যৰ বিভিন্ন জিলাত স্থাপন হ’ব প্ৰায় 24 খন সাহিত্য মনিষী উপবন ৷ এই উপবনত সহজলভ্য হ’ব ফল-মূল, ঔষধি উদ্ভিদৰ উপৰিও বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য উদ্ভিদ ৷ সেই অনুসৰি ৰাজ্যৰ তৃতীয়খন উপবনৰ শুভাৰম্ভ কৰা হয় গোলাঘাট জিলাত ৷ উক্ত উপবনৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ উক্ত কাৰ্যসূচীৰ বাবে জিলাখনৰ নামবৰ বনাঞ্চলত বৃহস্পতিবাৰে উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ নামবৰ বনাঞ্চলৰ নিচেই সমীপতে থকা যুৰীয়া দলঙত বন মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে অসম চৰকাৰৰ প্ৰস্তাৱিত সাহিত্য মনিষী উপবনখন ৷ উল্লেখ্য যে,তেজপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ প্ৰথমখন উপবন উদ্বোধন কৰাৰ পিছতে ক্ৰমে যোৰহাট আৰু গোলাঘাটত এই উপবনৰ শুভাৰম্ভ কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ বন মন্ত্ৰীগৰাকীৰে সৈতে উক্ত কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সৰুপথাৰৰ বিধায়িকা ৰ’জলিনা তিৰ্কী ৷

সাহিত্য মনিষী উপবনৰ শুভাৰম্ভ

ৰাজ্য চৰকাৰে এই উপবনত এহাজাৰ বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ প্ৰাৰম্ভিক পৰ্যায় হিচাপে বৃহস্পতিবাৰে উপবনখনত ৩৭০ জোপা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ ৰোপণ কৰা হয় ৷ এই উপবনত মাটিৰ অভাৱৰ বাবে ইচ্ছা থাকিও গছপুলি ৰোপণ কৰিব নোৱাৰা লোকসকলে গছপুলি ৰোপণৰ লগতে ঘৰলৈ নিব পাৰিব গছ পুলি ৷ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সংবাদ মাধ্যমৰে সৈতে হোৱা সাক্ষাৎকাৰত চৰকাৰৰ লক্ষ্য অনুযায়ী বৰ্তমান ছয় কোটি গছপুলি ৰোপণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত প্ৰায় 1.5 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা সদৰী কৰে ৷ ইয়াৰোপৰি ২৪ হাজাৰ বিঘা ভূমিত সংৰক্ষিতভাৱে ৰোপণ কৰা হ’ব গছ পুলি ৷ তদুপৰি চৰকাৰে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ বৰ্তমান অসমত 2,222 বৰ্গ কিল’মিটাৰলৈ বৃদ্ধি হৈছে সেউজীয়া পৰিৱেশ ৷ এই বৰ্ধিত সেউজীয়া পৰিৱেশে হাতী-মানুহৰ সংঘাত কমাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

লগতে চাওকঃ জনজাতিকৰণৰ দাবীত আন্দোলনৰ হুংকাৰ কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.