গোলাঘাট, 23 ডিচেম্বৰ : তোলপাৰ লাগিছে অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চ'ৰাত। ইজনৰ পিছত সিজনে পদত্যাগ কৰিছে কংগ্ৰেছ দলৰ পৰা। গোলাঘাটতো কংগ্ৰেছত ব্যাপক খহনীয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । দেওবাৰে ১৪ গৰাকীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত গোলাঘাটত পুনৰ কংগ্ৰেছত পদত্যাগৰ জোঁৱাৰ উঠিছে । অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে সম্পাদক পলাশ তামুলীয়ে । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক পলাশ তামুলীয়ে ।
সাংবাদিকৰ আগত ব্যক্তিগত কাৰণত পদত্যাগ কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰে যদিও কংগ্ৰেছৰ প্ৰভাৱশালী নেত্ৰী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়িকা অজন্তা নেওগৰ অতি ঘনিষ্ঠ পলাশ তামুলীয়ে প্ৰকৃতাৰ্থত অজন্তা নেওগৰেই সহযাত্রী হ'ব বুলি চৰ্চিত হৈছে ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰীলৈ মুছলিম ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰ প্ৰেৰণ